Guwahti Fire : মহানগৰীৰ হেঙেৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

মন্দিৰত জ্বলোৱা বন্তিৰ পৰাই সংঘটিত হয় জুইৰ সূত্রপাত

WhatsApp Image 2022 12 24 at 16.07.15

Guwahti Fire :

মহানগৰীৰ হেঙেৰাবাৰীত শনিবাৰে পুৱা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ। শংকৰদেৱ নগৰত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডটোত ভস্মীভূত হয় এটা বাসগৃহ।

মনেশ্বৰ নাৰ্জাৰী নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডটো ।

প্ৰাপ্ত খবৰ মতে নাৰ্জাৰীৰ নিজ বাসগৃহৰ মন্দিৰত জ্বলোৱা বন্তিৰ পৰাই সূত্রপাত হয় অগ্নিকাণ্ডৰ । বিধ্বংসী অগ্নিকাণ্ডত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰিত হয় ৷

অগ্নিকাণ্ডৰ ফলত বহু টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে জাহ যায়। জুই লগাৰ পিছতে স্থানীয়লোক সকলে বহু প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

Exit mobile version