Qatar worldcup 2022 : ফাইনেল মেচৰ বিতৰ্কিত গ’ল সন্দৰ্ভত মুখ খুলিলে ৰেফাৰীয়ে

WhatsApp Image 2022 12 24 at 15.10.49

Qatar worldcup 2022 :

কাটাৰ বিশকাপত শ্বাসৰুদ্ধকৰ ফাইনেলত নিৰ্ধাৰিত ও অতিৰিক্ত সময়ৰ শেষত ৩-৩ গ’লত সমতা থাকিলত ট্ৰাইব্ৰেকাৰৰ সহায় ল’বলগীয়া হয় । য’ত ফ্ৰান্সক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ দখল কৰে মেছিৰ আৰ্জেণ্টিনাই ।

ইয়াৰ পিছতে প্ৰশ্ন উঠে আৰ্জেণ্টিনাৰ তৃতীয় ও মেছিয়ে দিয়া দ্বিতীয় গ’লটোক লৈ । ফিফাৰ নিয়ম অনুসৰি , উক্ত গ’লটো বাতিল হ’ব লাগিছিল বুলি দাবী কৰিছে একাংশ লোকে ।

কিন্তু এতিয়া এই বিতৰ্কিত গ’লটোক লৈ মুখ খুলিছে ৰেফাৰী চিমন মাৰচিনিয়াকে । দীৰ্ঘ ৩৬ বছৰৰ অন্তত লিওনেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই বহু প্ৰত্যাহিত বিশ্বকাপ দখল কৰিবলৈ সক্ষম হয় । মেছিৰ সেই গ’লটোক লৈ এতিয়া একাংশ ফৰাচী লোকে সমালোচনাৰে থকা-সৰকা কৰা দেখা গৈছে ।

আৰ্জেণ্টিনা-ফ্ৰান্সৰ এই ৰোমান্সকৰ খেলখন বিশ্বকাপ ইতিহাসৰ অন্যতম নাটকীয় খেল বুলি অভিহিত কৰা হৈছে ।
মেচৰ ৭৮ মিনিট পৰ্যন্ত ২-০ গ’লত থকা আৰ্জেণ্টিনাৰ বিৰুদ্ধে মাত্ৰ দুই মিনিটত ফ্ৰান্সৰ কাইলিয়ান এমবাপ্পেই দুটাকৈ গ’ল দি বিজয়ী আৰ্জেণ্টিনাৰ লগত সমতা স্থাপন কৰে ।

একেদৰে অতিৰিক্ত সময়ত পুনৰ মেছিয়ে দিয়া এটা গ’লত আগবাঢ়ি যায় আৰ্জেণ্টিনা । পুনৰ হেটট্ৰিক কৰি ফান্সক সমতা দিয়ে ফৰাচী ফৰ’ৱাডে। পিছত ট্ৰাইবেকাৰক ফ্ৰান্সৰ কিংচলে ক্যোমান আৰু অউৰিলিয়ে শুয়েমিনিৰ পেনাল্টি ব্যৰ্থ হোৱাত ৪-২ ব্যৱধানত আৰ্জেণ্টিনাই জয় লাভ কৰে ।

উল্লেখ্য যে , খেলৰ ১০৮ মিনিট সময়ত আৰ্জেণ্টিনাৰ অধিনায়ক মেছিয়ে কৰা গ’লটোক লৈ এতিয়া যেন বিতৰ্কৰ অন্ত পৰা নাই । যিহেতু মেছিয়ে গ’লটো কৰাৰ সময়ত লাইনমেন ৰে ফাৰীজনে অফচাইড ফ্লেগ তুলিছিল যদিও লগে লগে অৱশ্যে ফ্লেগখন নমাই দিছিল ।

সেইসময়ত গ’লটো বাতিল হোৱাৰ আশংকা কৰা হৈছিল যদিও শেষ মুহূৰ্তত বাতিল কৰা হৈছিল আৰু উক্ত গ’লটো বৈধ বুলি ঘোষণা কৰা হৈছিল ।

বৰ্তমান উক্ত গ’লটো লৈ ফৰাচীৰ একাংশ গণ মাধ্যমত মেছিৰ সেই গ’লটো অবৈধ আছিল বুলি দাবী কৰিছে । ইফালে ফুটেজ প্ৰত্যক্ষ কৰা সময়ত দেখা গৈছিল যে , উক্ত গ’লটো কৰাৰ সময়ত আৰ্জেণ্টিনাৰ এজন খেলুৱৈৰ মূৰত লাগি পৰা দেখা গৈছে ।

নিয়ম অনুসৰি , উক্ত গ’লটো বাতিল হ’ব লাগিছিল যদিও পোলিচ ৰেফাৰী চিমন মাৰচিনিয়াকে মেচৰ অফিচিয়েল ষ্টাফৰ দৃষ্টিগোচৰ হোৱাৰ পূৰ্বেই গ’লটো বৈধ বুলি উল্লেখ কৰে ।

ইফালে ফৰাচী গণ মাধ্যমৰ উত্তৰ দি এমবাপ্পেৰ পেনাল্টি গ’লটোৰ ভিডিঅ’ মাৰচিনিয়াকে দেখুৱাই কয় যে , যিসময়ত আৰ্জেণ্টিনাৰ ৩-২ গ’ল হৈ আছিল সেইসময়ত এমবাপ্পেয়ে দিয়া সমতাসূচক গ’লটো ফ্ৰান্সৰ খেলুৱৈৰ মূৰত লাগি হৈছিল ।

তেওঁ এইবুলিও উল্লেখ কৰিছে যে , ফৰাচী গণমাধ্যমে এই ছবিখনো দেখুৱাব লাগে । য’ত স্পষ্ট দেখা পোৱা গৈছে যে , এমবাপ্পে গ’ল কৰাৰ সময়ত সেই গ’লটো ফ্ৰান্সৰ খেলুৱৈৰ মূৰত লাগি হৈছিল ।

Exit mobile version