Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

নতুন বছৰত বৃদ্ধি কৰিব যান-বাহনৰ দাম !

WhatsApp Image 2022 12 24 at 14.05.40

Vehicle Prices Hiked:

সমাগত নতুন বৰ্ষটোত এখন নতুন বাহন কিনিম বুলি যদি ভাৱিছে তেন্তে আপোনাৰ বাবে সুখদায়ক নহ’ব ৷ কিয়নো আপুনি দুচকীয়া-চাৰিচকীয়া বাহন কিনিবলৈ গ’লে ভৰিব লাগিব অধিক দাম ৷

ভাৰতত গাড়ী তথা দুচকীয়া বাহনৰ দাম বৃদ্ধি পাব জানুৱাৰীৰ পৰা ৷ ইতিমধ্যে বিভিন্ন কোম্পানীয়ে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা গাড়ীৰ দাম একৰ পৰা তিনি শতাংশলৈ বৃদ্ধি কৰাৰ ইংগিত দিয়ে  ৷

হুণ্ডাই, টাটা মটৰ্ছ, মাৰুতি ছুজুকি, মাৰ্ছিডিজ বেঞ্জ আৰু অডি গাড়ী নির্মাণ কোম্পানীসমূহে উৎপাদনস্থলীত হোৱা অত্যাধিক ব্যয়ৰ বোজাৰ পৰা সাময়িক সকাহ পাবৰ বাবে এইদৰে আংশিক দাম বৃদ্ধিৰ সিদ্ধান্ত লয় ৷

উল্লেখ্য যে বাহন নির্মাতাসকলে ইয়াৰ পূৰ্বেও সংকেত দিছিল যে ছেমিকণ্ডাক্টৰ সহ সা- সৰঞ্জাম নাটনিৰ বাবে গাড়ীৰ দাম বৃদ্ধি পাব।

একেদৰে কভিড কেন্দ্ৰীক পৰিস্থিতিত হোৱা ব্যাপক লোকচানৰ জোৰাটাপলি মাৰিবৰ বাবে ২০২৩ বৰ্ষৰ আৰম্ভণিতে দাম বৃদ্ধি সিদ্ধান্ত লয় বাহন নিৰ্মাতা কোম্পানীবোৰে ৷

শেহতীয়াকৈ কোম্পানী কেইটাই সদৰি কৰা মতে গাড়ী সমূহৰ মডেল অনুসৰি দাম বৃদ্ধি হ’ব ভিন্ন ভিন্ন । আনহাতে মাৰুতি ছুজুকিয়ে প্ৰকাশ কৰে যে উৎপাদনস্থলীত উৎপাদন ব্যয় ক্ৰমাৎ যথেষ্ট বৃদ্ধি পোৱাত দুচকীয়া বাহনৰো দাম বৃদ্ধিৰো সম্ভাৱনা ব্যক্ত কৰে।

জানুৱাৰীৰ পৰা হুণ্ডা ইণ্ডিয়াই কেইটামান মডেলৰ দাম ৩০ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰিব। তদপৰি জীপৰ দামো বৃদ্ধি পাব ২-৪ শতাংশলৈ ৷

Exit mobile version