Child Nutrition : পাঁচ সংকেতে ক’ব আপোনাৰ সন্তানৰ শৰীৰত পুষ্টিৰ অভাৱ হৈছে নেকি

c70e70a3 17ae 4d31 941a 254995b4d51c

 

Child Nutrition :

শিশুৰ বিকাশৰ ক্ষেত্রত সুষম পুষ্টি অতি প্ৰয়োজনীয় । পুষ্টিৰ বাবে সৰ্বাধিক প্ৰয়োজনীয় সঠিকভাৱে আহাৰ গ্ৰহণ কৰা । নিয়মিত নানা পুষ্টিকৰ খাদ্য দিব লাগিব । তেতিয়াহে ভিটামিন, খনিজ পদার্থ বা প্র’টিনৰ দৰে বিভিন্ন প্ৰয়োজনীয় উপাদান যাব শিশুৰ শৰীৰত ।

দৈনন্দিন খাদ্যত সকলো সময়ত যথেষ্ট ভিটামিন নাথাকিব‌ও পাৰে । সেই ক্ষেত্রত বিশেষজ্ঞসকলৰ পৰামর্শ মানি আনুষংগিক কিছু ছাপ্লিমেন্ট দিয়া প্ৰয়োজন হ’ব পাৰে । কিন্তু সন্তানে সম্পূৰ্ণ পুষ্টি পাইছে নে নাই, সেয়া কেনেদৰে বুজিব আপুনি ?

১) ওজন
ব্রিটেইনৰ নেছনেল হেল্থ ছার্ভিচৰ মতে,, পুষ্টিৰ নাটনিৰ এটা গুৰুত্বপূর্ণ লক্ষণ হঠাৎ ওজনৰ কমা-বঢ়া । যদি শিশুৰ ওজন তিনিৰ পৰা ছয় মাহৰ ভিতৰত পাঁচৰ পৰা ১০ শতাংশ কমি যায়, তেন্তে শীঘ্ৰে সতর্ক হ’ব ।

২) দুর্বল ৰোগ প্রতিৰোধ ক্ষমতা
সন্তান যদি সঘনাই অসুস্থ হৈ পৰে, তেন্তে সেয়াও অপুষ্টিৰ লক্ষণ হ’ব পাৰে । যিহেতু মূলত খাদ্যৰ মাধ্যমতেই শৰীৰত ভিটামিন আৰু খনিজ পদার্থ প্রৱেশ কৰে, সেয়ে পু‌ষ্টি কমকৈ পালে ৰোগ প্রতিৰোধ ক্ষমতা কমি যায় । বাৰে বাৰে অসুস্থ হয় শিশু ।

৩) দাঁতৰ সমস্যা
স্বাভাৱিকতেই শিশুসকলৰ প্ৰিয় চকলেট । ফলত দাঁতৰ সমস্যাও অধিক হয় । কিন্তু দাঁতৰ সমস্যা কেতিয়াবা কেতিয়াবা পুষ্টিৰ অভাৱৰ লক্ষণো হ’ব পাৰে । দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হোৱাটো ভিটামিন চিৰ অভাৱৰ লক্ষণ হ’ব পাৰে । ভিটামিন ডি-ৰ অভাৱ হ’লে দাঁতৰ সমস্যা বাঢ়ি যায় ।

৪) ক্লান্তি
বিদ্যালয়ৰ পৰা আহি সন্তানে খেলিবলৈ নাযায় ? সকলো সময়তে ক্লান্ত হৈ থাকে ? যদি দেখে শিশু অলপতেই ক্লান্ত হৈ পৰিছে, তেন্তে তাৰ আহাৰ গ্ৰহণত গুৰুত্ব দিয়ক । খেলাৰ লগতে পঢ়া-শুনা সকলোতেই কিছু অনীহা দেখা দিব পাৰে পুষ্টিৰ অভাৱ হ’লে । শিশুৰ মনতো অপুষ্টিৰ প্রভাৱ পৰে ।

৫) পুষ্টিৰ অভাৱ হ’লে মস্তিষ্কৰ বিকাশত সমস্যা হ’ব পাৰে । ফলত বুদ্ধিবৃত্তিৰ বিকাশতো সমস্যা হয় । নতুন কিবা শিকিবলৈ বহু সময় লাগে পুষ্টিৰ অভাৱ থাকিলে । খেলা-ধূলা বা পঢ়াৰ ক্ষেত্ৰত যদি শিকিবলৈ অধিক সময় লাগে, তেন্তে শিশুৰ খাদ্যতালিকাত কিছু পৰিৱর্তন অনাৰ প্রয়োজন হ’ব পাৰে ।

মনকৰিবলগীয়া যে, ওপৰৰ লক্ষণবোৰ কেৱল পুষ্টিৰ অভৱ নহয়, বিভিন্ন ধৰণৰ সমস্যাৰ লক্ষণ হ’ব পাৰে । এই ধৰণৰ সমস্যা সন্তানৰ শৰীৰত দেখিবলৈ পালে আহাৰ গ্ৰহণতো গুৰুত্ব দিব । লগতে, প্রয়োজন হ’লে বিশেষজ্ঞ চিকিৎসকৰো পৰামর্শ ল‌ওক ।

Exit mobile version