Covid in China : ক’ভিড সম্পৰ্কীয় তথ্য প্ৰকাশ কৰা বন্ধ কৰিছে চীনে

1671942613 china

Covid in China :

সংক্ৰমণ বৃদ্ধিৰ মাজত ক’ভিড সম্পৰ্কীয় তথ্য প্ৰকাশ কৰা বন্ধ কৰিলে চীনে। আজিৰ পৰা এই বিষয়ে আৰু অধিক তথ্য প্ৰদান নকৰে বুলি জনাইছে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে (এনএইচচি) ।

এনএইচচিয়ে এই সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে। তাত জনাইছে “এই সময়ৰ পৰা, দেশৰ ক’ভিড সম্পৰ্কীয় কোনো তথ্য প্ৰদান নকৰে এনএইচচিয়ে । ক’ভিড সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰিব চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনে। “

কিন্তু কিয় এই সিদ্ধান্ত লোৱা হ’ল সেই কথা স্পষ্ট নকৰিলে এন.এইচ.চি.-য়ে । কেৱল সেয়াই নহয়, চিডিচিয়ে কেনেকৈ আৰু কি সময়ত ক’ভিড-সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিব তাৰ কোনো স্পষ্ট ব্যাখ্যাও নাই।

চীনৰ কে’বাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে চীনত কৰ’না সংক্ৰমণ বিয়পি পৰাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । ইতিমধ্যে প্ৰশাসনে সংক্ৰমণৰ হাৰ যিমান তাতকৈ বহুত কম দেখুৱাইছে বুলি অভিযোগ উত্থাপন হৈছে।

চিকিৎসালয়সমূহত ৰোগীৰে ভিৰ । আইচিইউ, ঔষধৰ অভাৱ হৈছে। আনকি চিকিৎসালয়ৰ মৰ্গ, শ্মশানো মৃতদেহৰে উপচি পৰিছে।

ৰেডিঅ’ ফ্ৰী এছিয়াই দাবী কৰিছে যে ২০ ডিচেম্বৰৰ ভিতৰত চীনত প্ৰায় ২৫০ কোটি লোক ক’ভিড-১৯ ৰ দ্বাৰা আক্ৰান্ত হৈছে। যদিও সেই তথ্য গোপনে ৰখাৰ অভিযোগ উঠিছে চৰকাৰৰ বিৰুদ্ধে ।

Exit mobile version