Encounter : অভিধানত নাই ‘ এনকাউণ্টাৰ ‘ শব্দ ; মুখ্যমন্ত্ৰী ড: বিশ্ব শৰ্মা

sarma

Encounter :

অসম বিধানসভাৰ শীতকালীন অধিবেশনত এনকাউণ্টাৰ শব্দলৈ লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে কয় , ‘’ এনকাউণ্টাৰৰ অসমীয়া কি ? হত্যা থাকিব পাৰে , সংঘৰ্ষ থাকিব পাৰে । কিন্তু এনকাউণ্টাৰ বুলি কোনো ধাৰা নাই । ‘’

তেনেক্ষেত্ৰত এনকাউণ্টাৰ নামৰ কোনো শব্দ অভিধানত নাই । উল্লেখ্য যে , অধিবেশনত বিৰোধীয়ে ৰাজ্যত সংঘটিত হৈ থকা এনকাউণ্টাৰ ঘটনাৰ সবিশেষ তথ্য বিচাৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল ।

সেই প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পীয়ুষ হাজৰিকাই অসমত কোনো এনকাউণ্টাৰ ঘটনা হোৱা নাই বুলি দাবী কৰিছিল যদিও বিৰোধীয়ে মন্ত্ৰীজনৰ ভাষ্যৰ প্ৰত্যুত্তৰ দি এক অবাঞ্চিত পৰিবেশৰ সৃষ্টি কৰিছিল ।

বিৰোধী পক্ষই চৰকাৰৰ এনে অযুক্তিকৰ ভাষ্যত সদনৰ মজিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পাছতেই মুখ্যমন্ত্ৰীয়ে এনকাউণ্টাৰক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ইফালে মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও কয় যে , মুখ্যমন্ত্ৰীয়ে যদি কৈছে এনকাউণ্টাৰ শব্দ অভিধানত নাই , তেন্তে এই শব্দ নাই আৰু প্ৰয়োগ কৰিব নালাগে আৰু অপৰাধ হৈছে সদায় অপৰাধেই । তেনেক্ষেত্ৰত অপৰাধ কৰাজন যেনেকৈ অপৰাধী, অপৰাধক ৰক্ষণাবেক্ষণ দিয়াজনো সমানেই অপৰাধী ।

ইফালে মুখ্যমন্ত্ৰীৰ এই মন্তব্য , জনসাধাৰণক মূৰ্খ সজাবলৈ কোৱা কথা বুলি বিৰোধীৰ লগতে সচেতন মহলে মত প্ৰকাশ কৰিছে ।

Exit mobile version