International travel : চলিত বছৰত বিদেশ ভ্ৰমণত অভিলেখ ভাৰতীয়ৰ

travellerairport sixteen nine 0

International travel :

বিদেশ ভ্ৰমণৰ প্ৰতি আকর্ষণ বৃদ্ধি পাইছে ভাৰতীয়ৰ। ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ এক প্রতিবেদনৰ তথ্য অনুসৰি, চলিত বছৰৰ এপ্ৰিল-অক্টোবৰৰ সাত মাহৰ সময়ছোৱাত ভাৰতীয়সকলে ভ্ৰমণ অর্থাৎ ট্ৰেভেল-ৰেমিটেন্স হিচাপে ৭.৭৮ বিলিয়ন ডলাৰ ব্যয় কৰিছিল।

চলিত বিত্তীয় বৰ্ষৰ যোৱা সাত মাহৰ ভাৰতীয় টভেন ৰেমিটেন্স পূর্ববর্তী সময়ৰ অৰ্থাৎ ২০২০ বৰ্ষৰ ৬.৯৬ বিলিয়ন ডলাৰৰ তুলনাত অধিক।

একেদৰে ২০২১ বৰ্ষৰ ৰেমিটেন্সৰ তুলনাতো চলিত বিত্তীয় বৰ্ষৰ প্রথম সাত মাহত প্রায় দুগুণ অধিক আছিল। কৰ’না সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২০২১ বৰ্ষত ভাৰতীয়সকলে বিদেশ ভ্ৰমণৰ বাবদ ব্যয় কৰা ৰেমিটেন্সৰ পৰিমাণ আছিল ৩.২৪ বিলিয়ন ডলাৰ।

উল্লেখ্য যে আৰবিআইৰ এলআৰএছ আঁচনিৰ অধীনত সকলো ভাৰতীয় নাগৰিকে, আনকি নাবালকেও প্রতি বিত্তীয় বৰ্ষত ২,৫০,০০০ ডলাৰ পৰ্যন্ত বৈধ কাৰেণ্ট বা কেপিটেল একাউণ্টৰ বা উভয়ৰ মাধ্যমৰে ধন প্ৰেৰণ কবি পাৰে।

বিদেশত অধ্যয়ন, আন্তর্জাতিক ভ্রমণ, ঘনিষ্ঠ আত্মীয়ৰ প্ৰতিপালন, চিকিৎসাৰ প্ৰয়োজনত, সম্পত্তি ক্রয়, ইকুইটি, শ্বেয়াৰ বজাৰত বিনিয়োগ, উপহাৰ, দানসহ বিভিন্ন ক্ষেত্ৰত আৰবিআয়ে ৰেমিটেন্সৰ অনুমতি দিয়ে।

বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি, দেশত কৰ’নাৰ বিধি নিষেধ প্রত্যাহাৰ আৰু আন্তর্জাতিক বিমান সেৱা স্বাভাৱিক হোৱাৰ পাছৰে পৰা ভাৰতীয়ৰ মাজত বিদেশৰ নতুন অঞ্চললৈ ভ্ৰমণাৰ্থে যোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে।

নতুন নতুন দেশ ভ্ৰমণত ভাৰতীয় ভ্রমণপিপাসুৱে সম্প্ৰতিপূৰ্বৰ তুলনাত অধিক ধন ব্যয়, কৰিবলৈ লৈছে। ফলত ৰিজাৰ্ভ বেংকৰ এলআৰএছ আঁচনিৰ অধীনত ৰেমিটেন্সৰ বৰ্হিপ্ৰৱাহৰ ক্ষেত্ৰত চলিত বিত্তীয় বৰ্ষৰ প্ৰথম সাতমাহত এক অভিলেখ ৰচিত হ’ল।

চলিত বৰ্ষত বৰ্তমানলৈকে ৰেমিটেন্সৰ বৰ্হিপ্ৰৱাহৰ পৰিমাণ হ’ল ১৯.৬১ বিলিয়ন ডলাৰ। এয়া হৈছে সৰ্বকালৰ সৰ্বাধিক। এই ৰেমিটেন্সৰ সিংহভাগেই হ’ল ভ্ৰমণ আৰু বিদেশত অধ্যয়নৰ বাবে ভাৰতীয়ই কৰা ব্যয়।

আৰবিআইৰ তথ্য অনুসৰি এপ্ৰিল-অক্টোবৰৰ সময়ছোৱাত মুঠ ৰেমিটেন্সৰ পৰিমাণ আছিল ১৫.২৯ বিলিয়ন ডলাৰ। ইয়াৰ মাজত ট্রেভেল ৰেমিটেন্সৰ বাবদ ভাৰতীয়ই ব্যয় কৰিলে সৰ্বাধিক ৭.৭৮ বিলিয়ন ডলাৰ।

ইয়াৰ মাজত আছে নিকট আত্মীয় স্বজনৰ চোৱাচিতাৰ বাবদ ২.৩০ বিলিয়ন ডলাৰ আৰু বিদেশত অধ্যয়নৰ বাবদ কৰা ২.১২ বিলিয়ন ডলাৰৰ ব্যয়।

ক’ভিড সংক্ৰমণৰ সময়ৰ তুলনাত প্রত্যাশিতভাৱে সাম্প্রতিক সময়ত বিদেশী মুদ্রা বিনিময় আৰু আন্তর্জাতিক মুদ্রা লেনদেনৰ চাহিদা ভাৰতত কে’বাগুণ বৃদ্ধি পাইছে বুলি আৰবিআইৰ প্রতিবেদনত উল্লেখ কৰিছে।

সম্প্ৰতি ভাৰতীয় ভ্রমণপিপাসুসকলে ভিয়েটনাম, ইণ্ডোনেছিয়া, ডুবাই আৰু থাইলেণ্ড ভ্ৰমণত সর্বাধিক আগ্রহ প্ৰকাশ কৰিছে। পূৰ্বৰ তুলনাত সম্প্ৰতি ভাৰতীয়ৰ মাজত ইউৰোপ, আমেৰিকা, অষ্ট্রেলিয়া ভ্ৰমণৰ আগ্ৰহ হ্ৰাস পাইছে বুলি আৰবিআইৰ প্ৰতিবেদনত উল্লেখ কৰিছে।

ভিছা সংক্রান্ত জটিলতাৰ কাৰণত ভাৰতীয়ই ইউৰোপ, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ পৰিৱৰ্তে ডুবাই, থাইলেণ্ড আদিক অগ্ৰাধিকাৰ দিছে।

Exit mobile version