Heavy Snowfall In Arunachal :অৰুণাচলত ভয়ংকৰ তুষাৰপাত !

পৰ্যটকক প্ৰচণ্ড তুষাৰপাত কবলিত বহু কেইটা অঞ্চল,ভ্ৰমণৰ পৰা বিৰত থকাৰ আহ্বান অৰুণাচল চৰকাৰৰ

WhatsApp Image 2022 12 29 at 15.27.27

Heavy Snowfall In Arunachal :

প্ৰতিবেশী পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কেতবোৰ অঞ্চলত যোৱা এসপ্তাহদিন ধৰি আৰম্ভ হৈছে প্ৰচণ্ড তুষাৰপাত।পৰ্বতীয়া অঞ্চল বমডিলা, মেছুকা, টাৱাং, চেলা পাছ, টাকচিন আৰু আনিনি সহ বহুবোৰ স্থানত চলিত মাহটোৰ শেষ সপ্তাহত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণৰ সমান্তৰালকৈ তুষাৰপাত

যাৰ বাবে অৰুণাচল চৰকাৰে উল্লিখিত অঞ্চল সমূহত পৰ্যটকক সদ্যহতে ভ্ৰমণৰ বাবে বিৰত থাকিবলৈ আহ্বান জনাইছে ৷

অসমৰ তিনিচুকীয়া জিলাৰ গাতে লাগি থকা ল’ৱাৰ দিবাং ভেলী জিলাৰ মায়ডিয়াত যোৱা দুদিনধৰি ৰাজপথত প্ৰচণ্ড তুষাৰপাত৷এহাতে নৈসৰ্গিক শোভা

৷আনহাতে পথত হোৱা বৰফত আবদ্ধ হৈ পৰিছে বহু যানবাহন ৷ তুষাৰপাতৰ পিছতে বৰফৰ আনন্দ লোৱাৰ বাবে অসম সহ চুবুৰীয়া ৰাজ্য সমূহৰ পৰা ঢাপলি মেলিছে যথেষ্ট সংখ্যক পৰ্যটক ৷

ইয়াৰ মাজতে আনিনি অভিমুখী কে’বা ট্ৰাক বৰফত আবদ্ধ হৈ পৰাৰ পিছতে দিবাং ভেলী জিলা প্ৰশাসনে বুধবাৰৰ পৰা পৰৱৰ্তী জাননী নিদিয়ালৈকে পথছোৱাত যানবাহন চলোৱা বন্ধ কৰিছে ৷

ইতিমধ্যে আবদ্ধ হৈ পৰা ট্ৰাক খন তলৰ খাৱৈলৈ পৰি যোৱাৰ আশংকা কৰি ঠেক পথছোৱাৰে অসমৰ পৰ্যটক সকলক মায়ডিয়ালৈ যোৱাত বাধাৰোপ কৰিছে ল’ৱাৰ দিবাং ভেলীৰ উপায়ুক্ত সৌম্য সৌৰভে ৷

Exit mobile version