Cm Meeting In Delhi : ৰাজ্যৰ সকলো মন্ত্ৰীক দেশৰ ৰাজধানী দিল্লীলৈ তলব মুখ্যমন্ত্ৰীৰ !

WhatsApp Image 2022 12 30 at 18.24.57

Cm Meeting In Delhi :

উত্তৰাখণ্ডৰ পৰা আহি সম্প্ৰতি দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো মন্ত্ৰীক দিল্লীলৈ তলব কৰিছে ৷

আজি নিশা ৮:৩০ বজাত সকলো মন্ত্ৰীৰে সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ সমষ্টি পুনঃ নিৰ্দ্ধাৰণ আৰু সীমা সমস্যাক লৈ আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী গৰাকী ৷

আনহাতে কাইলৈ দিল্লীত অনুষ্ঠিত হ’ব বছৰৰ অন্তিমখন অসম চৰকাৰৰ কেবিনেট বৈঠক ৷

পুনৰ দ্বিতীয়বাৰৰ বাবে অসমৰ বাহিৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি দিল্লীৰ অসম ভৱনত অনুষ্ঠিত হ’ব এই কেবিনেট বৈঠক ।

ইতিমধ্যে অসম মন্ত্ৰীসভাৰ সকলো সদস্য দিল্লী অভিমুখে ৰাওনা হৈছে ৷ উল্লেখ্য যে , ইয়াৰ পূৰ্বে লাচিত দিৱসৰ সময়তো দিল্লীত প্ৰথমবাৰলৈ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল ।

Exit mobile version