Great Footballer Pele Passes Away : বৰ্ষৰ শেষত দু:খবৰ : ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শতিকাৰ শ্ৰেষ্ঠ ফুটবলাৰ পেলেৰ :

41fc9249 fbed 4ff3 bb4e 5f5bdb4952b2

Great Footballer Pele Passes Away :

২০২২ বৰ্ষৰ অন্তিম ক্ষণত বিশ্ববাসীৰ বাবে আহিল এটা দু:খবৰ । শতিকাৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ পেলেৰ দেহাৱসান । ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কিংবদন্তি ফুটবলাৰজনে ।

দীৰ্ঘদিনধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল বিশ্বখ্যাত ফুটবলাৰজন । অৱশেষত চিকিৎসাধীন অৱস্থাতেই চিৰ বিদায় ললে পেলেই ।

ভৰিৰ যাদুকৰী শক্তিৰে মোহাচ্ছন্ন কৰি ৰখা ফুটবলাৰজনে ১৯৫৮ চনত ব্ৰাজিলৰ হৈ প্ৰথমবাৰলৈ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অংশ লৈছিল ।

দেশৰ হৈ চাৰিবাৰকৈ ফুটবল বিশ্বকাপত প্ৰতিনিধিত্ব কৰিছিল এই তাৰকা ফুটবলাৰজনে । উল্লেখ্য যে, চাৰিবাৰকৈ বিশ্বকাপত প্ৰতিনিধিত্ব কৰা পেলেই ব্ৰাজিলৰ বাবে তিনিবাৰকৈ বিশ্বকাপ জয়ৰ সোৱাদ দিছিল ।

১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে বিজয়ৰ মুকুট পিন্ধি ফুটবল ইতিহাসত নিজৰ নাম খোদিত কৰিছিল । তেওঁৰ সান্নিধ্য আছিল  প্ৰতিজন বিশ্বখ্যাত ফুটবলাৰৰ সপোন ।

বিশ্বকাপত নিজ দেশৰ হৈ পেলেই দিছিল ১২ টাকৈ গ’ল । ১৯৪০ চনত জন্মগ্ৰহণ কৰা পেলেৰ শিৰত জিলিকিছিল ৯২ বাৰ হেট্ৰিকৰ ৰাজমুকুট ।

আজি এই ব্ৰাজিলীয়ান ফুটবল সম্ৰাটজনৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে বিশ্বৰ সকলো প্ৰান্তৰ ফুটবলপ্ৰেমীক ।

ক্ৰিষ্টিয়ানো ৰোণাল্ডো, লিওনেল মেছি , কাইলিয়ান এমবাপ্পেৰ পৰা সকলো খ্যাত ফুটবলাৰে নিজৰ টুইটাৰ একাউন্টৰ যোগে এই ফুটবলৰ সম্ৰাটজনলৈ যাঁচিছে গভীৰ শ্ৰদ্ধাঞ্জলি।

Exit mobile version