Gujarat Accident:গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা

বাছ আৰু ফৰ্চুনাৰৰ মুখামুখি সংঘৰ্ষ , থিতাতে নিহত নজন

WhatsApp Image 2022 12 31 at 12.38.21

Gujarat Accident:

গুজৰাটৰ নৱসাৰীত শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় নজনকৈ লোক আৰু আহত হয় কে’বাজনো ৷

প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যখনৰ নৱসাৰী জিলাৰ ভেচমা গাৱঁত সমীপস্থ ৪৮ নং ৰাষ্ট্ৰীয় ঘাই পথত চুৰাটৰ পৰা ভালচাদলৈ গৈ থকা এখন বাছৰ স’তে বিপৰীত দিশৰ পৰা অহা ফৰ্চুনাৰ বাহনৰ মুখামুখি সংঘৰ্ষ হয়।

উল্লেখ্য যে ফৰ্চুনাৰৰ চালকে জনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বিতীয় লেনত বিপৰীত ফালৰ পৰা আহি থকা এখন বাছখনত সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ৷ ফলত ফৰ্চুনা খন কিছু দূৰত চিটিকি পৰে ৷

ঘটনা সংঘটিতৰ পাছতে স্থানীয়লোক আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে ৷ আৰক্ষীয়ে আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

Exit mobile version