Pele , Maradona : মাৰাডোনাই কৈছিল ; পেলে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ

WhatsApp Image 2022 12 31 at 14.33.04

Pele , Maradona :

২০০০ চনত ফিফা বিশ্বকাপ সংস্থাই পেলেক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে অভিহিত কৰিছিল । কিন্তু এই বিষয়টো লৈ মাৰাডোনাৰ ভক্তগণে তীব্ৰ বিৰোধিতা কৰা দেখা গৈছিল ।

মাৰাডোনাই নিজেও এই বিৰোধী দলৰ পক্ষত আছিল । কিন্তু পাছত মাৰাডোনাই এইকথা মানি লৈছিল যে, সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ আছিল কিংবদন্তি পেলে

একাংশ অনুৰাগীয়ে আজিও এই শ্ৰেষ্ঠত্বক লৈ প্ৰশ্ন উঠোৱা দেখা যায় । একাংশই পেলেক শ্ৰেষ্ঠ বুলি অভিহিত কৰাৰ সমান্তৰালকৈ আন একাংশই আক’ মাৰাডোনাক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে অভিহিত কৰি আহিছে ।

এই সমূহ সমালোচনাৰ উৰ্ধত কিন্তু মাৰাডোনাই নিজেই এই বিতৰ্কৰ অন্ত পেলাই কৈছিল , ” পেলে হৈছে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ ।” আচলতে ইয়াৰ পাছত আৰু কোনো বিতৰ্কৰ অৱকাশ নাই । পেলে হৈছে একমাত্ৰ ফুটবলাৰ ,যি তিনিবাৰকৈ বিশ্বকাপ জয় কৰিছিল ।

মাৰাডোনাই এইকথা সদায় স্বীকাৰ কৰি আহিছে । কিছু বছৰ পূৰ্বে এক টিভি সাক্ষাৎকাৰত পেলেৰ লগত নিজক তুলনা কৰি আৰ্জেন্টিনাৰ কিংবদন্তি মাৰাডোনাই কৈছিল,মাৰাডোনা মাৰাডোনাই ।

পেলে হৈছে সৰ্বকালৰ শ্ৰেষ্ঠ । আমি এজন সাধাৰণ খেলুৱৈ। আমি কেতিয়াও পেলেক অতিক্ৰম কৰিব নোৱাৰো ।

এই সাক্ষাৎকাৰৰ পাছত সকলোৱে কৈছিল পেলে আৰু মাৰাডোনাৰ মাজত ভাল সম্পৰ্ক নাই । বিশেষকৈ মাৰাডোনাই কেতিয়াও পেলেক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে নামানে ।

কিন্তু মাৰাডোনাৰ অনুৰাগীৰ এই চিন্তা অমূলক আছিল । যিহেতু এই দুই কিংবদন্তি ফুটবলাৰৰ খুবেই ভাল সম্পৰ্ক আছিল । বিভিন্ন সময়ত দুয়োজনৰ একেলগে থকা ফটোবোৰ দেখিলেই বুজা যায় যে দুয়োজনৰ মাজত যথেষ্ট ভাল সম্পৰ্ক আছিল । আনহে নালাগে দুয়োজনৰ মাজত গভীৰ শ্ৰদ্ধাও আছিল ।

উল্লেখ্য যে, এই দুই ফুটবলাৰে আজিলৈকে কেতিয়াও বিপক্ষে খেলা নাছিল । যেতিয়া মাৰাডোনাই খেলৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ,সেইসময়ত পেলেই ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।

১৯৭০ চনত পেলেই বিশ্বকাপ জয় কৰাৰ পাছত ফুটবলক বিদায় জনাইছিল আৰু মাৰাডোনাই ১৯৮২ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলত অংশ লৈছিল ।

Exit mobile version