Sleep Diet : ৰাতি টোপনি নাই নেকি ? তেনেহলে বাদ দিয়ক এইসমূহ খাদ্য 

WhatsApp Image 2022 12 31 at 16.18.20

Sleep Diet :

পুষ্টিবিদ তথা বিশেষজ্ঞৰ মতে , খাদ্য অভ্যাসৰ বাবেই মানুহৰ টোপনি পৰিমাণ কমি যায় । যদিহে আপোনাৰ টোপনিৰ পৰিমাণ কমি আহিছে , তেন্তে আপুনি এইসমূহ খাদ্য সমূলি বাদ দিয়ক ।

১/ কাৰ্বহাইড্ৰেট বন্ধ :– আপুনি যদি ডায়েট মানিছে ,তেন্তে আপোনাক নিশ্চয়কৈ পুষ্টিবিদে কাৰ্বহাইড্ৰেট বন্ধ কৰাৰ পৰামৰ্শ দিছে । কিন্তু হঠাৎ কাৰ্বহাইড্ৰেট বন্ধ কৰি দিলে আপোনাৰ টোপনিত ব্যাঘাত আহিব পাৰে । ইয়াৰ পৰিৱৰ্তে আপুনি ব্ৰাউন ৰাইচ, বাদামী পাস্তা বা ৰুটি আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে । কাৰণ এই খাদ্যসমূহতো পুষ্টি তথা কাৰ্বহাইড্ৰেট মজুত থাকে । ই ব্লাডচুগাৰ নিয়ন্ত্ৰিত কৰাৰ লগতে শক্তিও প্ৰদান কৰিব ।

২/ কফি খোৱা :– বিশেষজ্ঞই কৈছে ,কিছু মানুহে প্ৰচুৰ পৰিমাণে কফি খায় । এনেলোকৰো টোপনিৰ পৰিমাণ কমি আহে । যিহেতু কফিত প্ৰচুৰ পৰিমাণে কাফেইন থাকে যি টোপনিত ব্যাঘাত জন্মায় । সাধাৰণতে।এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক দুকাপ কফি খোৱা উচিত । ইয়াতকৈ অধিক কফি পান কৰিলে বিভিন্ন শাৰীৰিক সমস্যাৰ লগতে টোপনি পৰিমাণ কমি যোৱাটো খাটাং ।

৩/ দুপৰীয়া অধিক খোৱা :– পুষ্টিবিদৰ মতে দুপৰীয়া আহাৰ কেতিয়াও বেছিকৈ খাব নালাগে । দুপৰীয়া অতিৰিক্ত খাদ্য খালে শৰীৰ অৱস হয় লগতে সুষম খাদ্য গ্ৰহণ কৰিলে শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পাই মেদ বৃদ্ধিত সহায় কৰে । ইয়াৰ পৰিৱৰ্তে শাক-পাচলি তথা প্ৰোটিন অন্তৰ্ভুক্ত কৰিব লাগে ।

৪/ পৰ্যাপ্ত পানী পান :—পানীয়ে সদায় শৰীৰ সকলো প্ৰক্ৰিয়া সঠিকভাৱে চলাত সহায় কৰে । এইক্ষেত্ৰত বিশেষজ্ঞই দৈনিক ৯-১০ গিলাচ পানী পান কৰাৰ পৰামৰ্শ দিছে । অন্যথা শৰীৰত পানীৰ পৰিমাণ কমি যাব আৰু শৰীৰত না-না সমস্যাৰ সৃষ্টি হ’ব । সেইবুলি আপুনি কেতিয়াও এলকহল ,কফি, মিঠা পানীয় আদি পান নকৰিব ।

বি : দ্ৰ : এই প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও অত্যাধিক টোপনি নহাতো কোনো ৰোগৰো লক্ষণ হ’ব পাৰে । তেনেক্ষেত্ৰত দেৰি নকৰি চিকিৎসকৰ কাষ চপা উচিত ।

Exit mobile version