New Year 2023 Wishes : জীৱন উপভোগ্য হোৱাটো কাম্য

উত্তৰণ গোস্বামী, গৱেষক ছাত্ৰ, তৈল প্ৰযুক্তিবিদ্যা বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

WhatsApp Image 2023 01 01 at 15.28.52

New Year 2023 Wishes :

নতুন বৰ্ষই সদায় আশা আৰু উৎসাহ কঢ়িয়াই আনে সকলোৰে মনলৈ। আমিও আশাবাদী নতুন বৰ্ষই সকলোৰে জীৱনলৈ ধনাত্মক বতৰা কঢ়িয়াই আনক।সকলোয়ে সুস্বাস্থ্যৰে জীৱন উপভোগ কৰাৰ পৰিবেশৰ সৃষ্টি হওঁক।

এগৰাকী গৱেষক ছাত্ৰ হিচাপে গৱেষণাৰ নতুন তথ্য সমূহ গৱেষণা পত্ৰৰ জৰিয়তে প্ৰকাশৰ পৰিকল্পনাঃ কৰিছোঁ। তদুপৰি নতুন প্ৰজন্মক গৱেষণাৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী গৱেষক ছাত্ৰ আমি মিলিত হৈ এখন মঞ্চৰ চিন্তা চৰ্চা কৰিছোঁ য’ত উঠি অহা প্ৰজন্মই কিয় গৱেষণা কৰিব লাগে? অসমীয়া সমাজ জীৱনৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলো ক্ষেত্ৰতে বৈজ্ঞানিক দৃষ্টিভংগীৰে গৱেষণাৰ প্ৰয়োজন আছে তাক লৈ সজাগতাৰ সৃষ্টি কৰা ইত্যাদি।

সমাজ খনৰ আলোচ্য বিষয় সমূহ সমাজৰ হিতৰ বিষয়বিলাক হোৱাটো বিচাৰো। সামাজিক মাধ্যম হওক বা সংবাদ মাধ্যমেই হওক ভিন্ন সময়ত দেখিবলৈ পাওঁ যি আলোচনাৰ পৰা সমাজ খনৰ কোনো সামগ্ৰিক ক্ষেত্ৰতে এখোপ আগুৱাই যোৱাত সহায় নকৰে তেনে কিছু কথা আলোচ্য বিষয় কৰি লৈ বহু মূল্যবান সময় অতিবাহিত কৰা দেখা যায়। নতুন বৰ্ষটোত যোগাত্মক চিন্তাৰ বা কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো কামনা কৰোঁ।

যুৱ প্ৰজন্মই শিক্ষাৰ লগতে পাৰদৰ্শিতা থকা প্ৰতিটো দিশতে নিজক প্ৰস্তুত কৰি তুলিব লাগে। আত্মপ্ৰতিষ্ঠাৰ প্ৰয়াসৰ লগতে সামাজিক দায়িত্ববোধ বুজি কৰ্মৰাজি কৰা উচিত।

ৰাজনৈতিক ভাবে অধিক সচেতন হওঁক। ক্ষণস্থায়ী ৰাজনৈতিক লাভালাভৰ পৰা আঁতৰি দীৰ্ঘম্যাদী সমস্যা সমাধানৰ দিশ বিলাক মনোনিবেশ কৰি আহিবলগীয়া প্ৰজন্মৰ উন্নত ভৱিষ্যতৰ দিশত মনোনিবেশ কৰক।

অৰ্থনৈতিক ভাৱে স্বচ্ছল,ৰাজনৈতিক ভাবে পৰিপক্ক,সাংস্কৃতিক ভাবে চহকী এখন শক্তিশালী জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ সমাজ বিচাৰো।

Exit mobile version