New Year 2023 Wishes : সকলোৱে নতুন কাম কৰক

তাজ আখটাৰ, গীতিকাৰ, কণ্ঠশিল্পী

FB IMG 1672312275202

New Year 2023 Wishes :

প্ৰথমে মই ‘দৈনিক অগ্ৰদূত’ বাতৰি কাকতত জৰিয়তেই সমুহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ হিয়ভৰা শুভেচ্ছা জনালো ।

নৱবৰ্ষটো সকলোৰে বাবে ভাল হওঁক। সকলোৱে নিজৰ কৰ্মক্ষেত্ৰখনত নতুন নতুন কাম কৰি আগুৱাই যাওক ।

বৰ্তমান দুই তিনিটা পৰিকল্পনা কৰি থৈছোঁ । তাৰে ভিতৰত এটা এলবামৰ কাম কৰি থকা হৈছে ।

নৱপ্ৰজন্মক এইটোয়ে ক’ব বিচাৰিম আমাক সকলোকে জ্ঞান লাগিবই । কিবা এটা কাম কৰাৰ আগত তাৰ বিষয়ে প্ৰযাপ্ত জ্ঞান অৰ্হন কৰাতো প্ৰয়োজন।

কিছুমান লোক আছে কিবা এটা কৰাৰ আগত সেই কামটোৰ ক্ষেত্ৰত জ্ঞান নাথাকিলেও বহু কিবা কিবি কৰিব বিচাৰে আৰু বহুত আশা কৰে। তেনেক্ষেত্ৰত মই ক’ব বিচাৰো কিবা এটা কৰাৰ আগত সদায় জ্ঞান অৰ্জন কৰা।তাৰ পাছত দেখিবা সকলো কাম ভালে ভাল হৈ গৈছে ।

Exit mobile version