Bollywood Actor Ravi Janghu:বহ্নিমানৰ অভিনেতা ৰবি জাংঘু পুনৰ অসমীয়া কথাছবিত

'লক্ষীপথাৰ'ত আইপিএছ বিষয়াৰ ভূমিকাত কৰিব অভিনয়

WhatsApp Image 2023 01 03 at 18.53.14

Bollywood Actor Ravi Janghu:

অসমীয়া কথাছবি বহ্নিমান আৰু ৰক্তবিজৰ অভিনেতা ৰবি জাংঘু এইবাৰ পুনৰ দেখা যাব বহু চৰ্চিত চিনেমা ‘লক্ষীপথাৰ’ত ৷

অভিনেতা গৰাকীয়ে ইয়াৰ পূৰ্বে তেলেগু, হিন্দী আৰু হাৰিয়ানাৰ চলচ্চিত্ৰত কাম কৰিছিল ৷ ইয়াৰ ভিতৰত গাজিয়াবাদ, সিনহা, কৰিম মহম্মদ, ৱেব চিৰিজ বিৰাট, এমএক্স প্লেয়াৰৰ অনুষ্ঠান মাধুৰী টকিজ সহ বহু কেইখন মুভিত।

শেহতীয়াকৈ অভিনতা ৰবি জাংঘুৱে প্ৰাগ নেটৱৰ্কৰ বেনাৰত ড:সজ্ঞীৱ নাৰায়ণ প্ৰযোজিত আৰু পংকজ পাটৰৰ পৰিচালনাত নিৰ্মিত কথাছবি’ লক্ষীপথাৰ’ত অভিনয় কৰিব ৷  ছবিখনৰ মুল পটভূমি হৈছে এসময়ৰ আলফাৰ ঘাটিস্বৰূপ লক্ষীপথাৰ অঞ্চল ৷

চলচ্চিত্ৰ খনত তেওঁ ৰূপায়ণ কৰা ভূমিকাৰ বিষয়ে কয়, “মই এজন আইপিএছ বিষয়া ৰবিৰ ভূমিকা পালন কৰিছো ৷  চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ  উত্তৰ ভাৰতৰ পৰা লক্ষীপথাৰলৈ পঠিয়াইছে ৷

লক্ষীপথাৰ’ত অভিনয় কৰিবলৈ গৈ প্ৰথম অৱস্থাত তেওঁৰ বাবে এক প্ৰত্যাহ্বান আছিল।”

উল্লেখ্য যে, বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰৰ অংশীদাৰ হোৱাটো তেওঁৰ বাবে এক প্ৰত্যাহ্বানৰ বিষয় বুলি উল্লেখ কৰি কয়, “যেতিয়া আপুনি বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰৰ অভিনেতা হিচাপে আপোনাৰ প্ৰদৰ্শন আৰু দায়িত্ব অতি উচ্চ হয় কিয়নো ই মানুহৰ অনুভূতিক চুই যাব পাৰে।

সেয়েহে আপুনি আপোনাৰ চৰিত্ৰটো সঠিক ৰূপত উপস্থাপন আৰু সুচিন্তিত উপায়েৰে ফুটাই তুলিব লাগে ৷ আনহাতে দৰ্শকে যাতে সেই সময়ৰ বেদনা অনুভৱ কৰিব পাৰে আৰু এনে সময়ৰ অংশীদাৰ হ’বলৈ পাই তেওঁ অত্যন্ত সুখী বুলি মন্তব্য কৰে ৷

 জনপ্ৰিয় অভিনেতা গৰাকীয়ে আৰু কয়, “মোৰ প্ৰথম খন অসমীয়া কথাছবি আছিল ২০১৬ চনৰ বহ্নিমাণ আৰু ২০১৮ চনৰ ৰক্তবিজ।

দুয়োখন ছবি যথেষ্ট সফল হৈছিল আৰু মই দৰ্শকৰ পৰা যথেষ্ট সমাদৰ আৰু মৰম আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিলো ৷ অসম মোৰ দ্বিতীয় ঘৰ। শেহতীয়া কথাছবি ‘লক্ষীপথাৰ’ মোৰ তৃতীয় খন অসমীয়া কথা ছবি।”

‘লক্ষীপথাৰত এন এচ ডিৰ স্নাতক তথা সু-অভিনেতা জ্যোতি নাৰায়ণ নাথেও অভিনয় কৰিছে । একেদৰে অভিনেত্ৰী মেলোডি পাটগিৰি, বিনোদ লাল দাস, শিশু শিল্পী পাল্কিয়েও অভিনয় কৰিছে ।

Exit mobile version