COVID – 19 : পুনৰ বৃদ্ধি পাইছে ক’ভিড আতংক ! এনে পৰিস্থিতিত কেনেদৰে সুৰক্ষিত থাকিব ডায়বেটিছ ৰোগী

covid and diabetes 1632648736833 1632648747455

COVID – 19 :

পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ আতংক । চিকিৎসকৰ মতে, ডায়েবেটিচ ৰোগীৰ ক্ষেত্ৰত ক’ভিড-১৯ আনতকৈ অধিক গুৰুতৰ। গতিকে ইয়াৰ পৰা হাত সাৰি থকাৰ উপায় হৈছে নিয়ম বোৰ মানি চলা ।

ADVERTISEMENT

অন্যথা, হৃদযন্ত্ৰৰ পৰা আৰম্ভ কৰি কিডনি, চকু, ছাল, শিৰা আৰু ধমনীলৈকে সকলো প্ৰভাৱিত হ’ব, বৃদ্ধি হ’ব সংক্ৰমণৰ আশংকাও ।

চিকিৎসকৰ মতে, ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত নাৰাখিলে ৰোগ প্ৰতিৰোধ প্ৰণালীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ফলস্বৰূপে, যিকোনো সংক্ৰমণৰ আশংকা কেবা গুণো বৃদ্ধি হয়।

বৃদ্ধি হয় ক’ভিডৰ বিপদাশংকাও । সেয়েহে, ক’ভিড পৰিহাৰ কৰাৰ নিয়ম অনুসৰণ কৰাৰ উপৰিও, ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিবলৈ মনোযোগ দিব লাগে।

ধূমপান নকৰিব। কিয়নো যি ৰিচেপ্টৰৰ জৰিয়তে কৰ’না ভাইৰাছ শৰীৰত প্ৰৱেশ কৰে, ধূমপান কৰিলে ৰিচেপ্টৰ অধিক সক্ৰিয় হৈ পৰে। ইয়াৰ উপৰিও, ডায়েবেটিচৰ স্তৰও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ধূমপানে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীও হ্ৰাস কৰে।

যদি কোনো কাৰণত ডায়েবেটিচ বৃদ্ধি হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ বা ইনচুলিনৰ পালি বৃদ্ধি কৰিব লাগে। লগতে খাদ্য প্ৰণালীটো মন দিয়ক । ভাত ৰুতি কম খাই সেউজীয়া পাচলি গ্ৰহণ বৃদ্ধি কৰক। পুষ্টিবিদসকলে কৰ’নাৰ প্ৰাদুৰ্ভাৱ পৰিহাৰ কৰিবলৈ অধিক ফল খাবলৈ কয়! যদি আপোনাৰ ডায়েবেটিচ আছে তেনেহ’লে কল, আনাৰসৰ দৰে ফল পৰিহাৰ কৰিব লাগে।

মানসিক চাপ নল’ব। যদিও কৰ্মব্যস্ত জীৱনত চাপ নথকাটো সম্ভৱ নহয়। তথাপিও, কৰ্মক্ষেত্ৰত মানসিক শান্তি বিচাৰিবলৈ চেষ্টা কৰক। মানসিক চাপে ডায়েবেটিচ বৃদ্ধি কৰিব পাৰে, লগতে সকলোৰে ৰোগ প্ৰতিৰোধ প্ৰণালী হ্ৰাস কৰিব পাৰে। গতিকে বিপদ দুগুণ।

Exit mobile version