GST : পুনৰ জিএছটি সংগ্ৰহত সাফল্য আয় বৃদ্ধি ১৫ শতাংশ

download

GST :

সামগ্ৰী আৰু সেৱাকৰ (জিএছটি) সংগ্ৰহৰ ক্ষেত্ৰত পুনৰ বৃহৎ সাফল্য লাভ কৰিলে কেন্দ্ৰৰ চৰকাৰে। কেন্দ্ৰীয় বিত্ত মন্ত্রণালয়ৰ প্ৰকাশিত তথ্য অনুসৰি ২০২২ৰ ডিচেম্বৰত দেশৰ জিএছটি সংগ্ৰহৰ পৰিমাণ প্রায় ১৫ শতাংশ বৃদ্ধি পালে।

পৰিসংখ্যা অনুসৰি, ডিচেম্বৰত কেন্দ্ৰই ১.৪৯ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ কৰিলে। কেন্দ্ৰীয় বিত্ত মন্ত্রণালয়ৰ প্ৰতিবেদনত সোমবাৰে উল্লেখ কৰা মতে, বিগত মাহত জিএছটি সংগ্ৰহৰ পৰিমাণ আছিল ১,৪৯,৫০৭ লাখ কোটি টকা।

ইয়াৰে চিজিএছটি হ’ল ২৬,৭১১ কোটি টকা, এছজিএছটি হ’ল ৩৩,৩৫৭ কোটি টকা, আইজিএছটি হ’ল ৭৮,৪৩৪ কোটি টকা আৰু উপকৰ হ’ল ১১,০০৫ কোটি টকা।

Exit mobile version