Rahul Gandhi : ‘ ভাৰত জোড়া যাত্ৰা’ৰ পূৰ্বে ৰাহুললৈ পত্ৰ প্ৰেৰণ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ

1672745138 rahul

Rahul Gandhi :

ভাৰত জোড়া যাত্ৰা’ কাৰ্যসূচীক কেন্দ্ৰ কৰি ৰাজনৈতিক ক্ষেত্ৰখনক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ।

মঙলবাৰে উত্তৰ প্ৰদেশত খোজ দিছে ৰাহুলৰ এই কাৰ্যসূচী । ইয়াৰ পূৰ্বেই ৰাহুলক শুভেচ্ছা বাৰ্তা প্রেৰণ কৰি পত্ৰ লিখিলে ৰাম জন্মভূমি মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সতীন্দ্ৰ দাসে ।

ৰাম মন্দিৰৰ মুখ্য পুৰোহিতজনে অভিনন্দন বাৰ্তাত লিখিছে, “ভগৱান ৰামৰ আশীৰ্বাদ ৰাহুলৰ স’তে থাকিব।” ৰাম মন্দিৰৰ পুৰোহিতজনে ভাৰত জোড়া যাত্ৰা কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ দেশক একত্ৰিত কৰাৰ ৰাহুল গান্ধীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

পত্ৰখনত তেওঁ লিখে, “আপুনি (ৰাহুলে) যি লক্ষ্যৰে এই কাৰ্যসূচী কৰি আছে, মই প্ৰাৰ্থনা কৰিছো আৰু আশা কৰোঁ যে ই সফল হ’ব।” আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো । ”

তেওঁ আৰু লিখিছে , “আপুনি সাধুৰ উদ্যোগ লৈছে। যিটো সকলোৰে বাবে ভাল। ভগৱান ৰামৰ আশীৰ্বাদ সদায় আপোনাৰ স’তে থাকিব। তেওঁ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়া যাত্ৰা’ত যোগদান কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে। কিন্তু শাৰীৰিক কাৰণত, তেওঁ যোগদান কৰিব নোৱাৰে। অৱশ্যে, ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতজনে ৰাহুলৰ কাৰ্যসূচীত নৈতিক সমৰ্থন ব্যক্ত কৰিছে।

ন দিনৰ বিৰতিৰ পাছত, ৰাহুলৰ কাৰ্যসূচী মঙলবাৰে দিল্লীৰ পৰা পুনৰ আৰম্ভ হয়। ভাৰত জোড়া যাত্ৰা মঙলবাৰে সন্ধিয়াৰ ভিতৰত উত্তৰ প্ৰদেশত উপস্থিত হ’ব। তাৰ পাছত, কাৰ্যসূচীটো হিমাচল প্ৰদেশ হৈ জম্মু আৰু কাশ্মীৰত উপস্থিত হ’ব।

Exit mobile version