Save Rhino : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শাসনত নিধন নহ’ল এটাও গঁড়

অসমবাসীক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

WhatsApp Image 2023 01 03 at 20.02.22 1

Save Rhino :

বিগত ২০২২ বৰ্ষত ৰাজ্যখনত চোৰাং চিকাৰীৰ হাতত এটাও গঁড় নিধন নোহাৱা বাবে অতিশয় সন্তুষ্টি প্ৰকাশ কৰিছে স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

গঁড় হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত দেখুওৱা এনে ঈৰ্ষণীয় সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে অসমবাসীক আন্তৰিক অভিনন্দন জনাইছে ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই “অসম এতিয়া গঁড়ৰ এক সুৰক্ষিত বাসস্থলী” শীৰ্ষক টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এনেদৰে নিজৰ গভীৰ সন্তুষ্টি প্ৰকাশ কৰে ।

এই প্ৰসংগতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটত কয়, ‘এয়া শ্ৰেষ্ঠ সংবাদ । গঁড় সুৰক্ষাৰ ক্ষেত্ৰত অসমবাসীয়ে সক্ৰিয় প্ৰচেষ্টা তথা ভূমিকাৰ বাবে অসমৰ ৰাইজলৈ মই অভিনন্দন জ্ঞাপন কৰিছো ।’

প্ৰসংগক্ৰমে, “অসম এতিয়া গঁড়ৰ সুৰক্ষিত বাসস্থলী” শীৰ্ষক টুইটত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে উল্লেখ কৰিছিল যে গঁড় সংৰক্ষণৰ প্ৰচেষ্টা হিচাপে ২০২২ বৰ্ষটো সঁচা অৰ্থত আমাৰ বাবে এক বিশেষ বৰ্ষ হিচাপে চিহ্নিত হৈছে ।

সদ্যসমাপ্ত ২০২২ বৰ্ষত চোৰাং চিকাৰীয়ে এটাও গঁড় নিধন কৰিবলৈ সক্ষম নহ’ল, ২০২১ বৰ্ষত মাত্ৰ দুটা গঁড়হে নিধন হৈছিল ।

আমাৰ অসম ভূমিত এতিয়া এইবিধ নিৰীহ প্ৰাণী যথেষ্ট নিৰাপদ । টুইটটোত মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই লগতে অসমৰ স্বাভিমানৰ অন্যতম প্ৰতীক এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত পালন কৰা এনে দায়িত্বশীল ভূমিকাৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু অসম আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।

লক্ষ্যণীয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত প্ৰতি বছৰে চোৰাং চিকাৰীৰ হাতত অবাধ হাৰত সংঘটিত গঁড়ৰ নিধন যজ্ঞই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।

বিশেষকৈ ২০১৩ আৰু ২০১৪ বৰ্ষত ৰাজ্যখনত ২৭টাকৈ মুঠ ৫৪টা গঁড় হত্যাৰ ঘটনাই বিশ্ববাসীৰ সন্মুখত অসমক চূড়ান্ত লজ্জানত কৰি পেলাইছিল ।

কাৰ্যতঃ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ কাৰ্যকালত বিগত বছৰটোত এটাও গঁড় হত্যা নোহোৱা বিষয়টোৱে এক অত্যন্ত ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে ।

Exit mobile version