Constipation Diet :  আপুনি কোষ্ঠকাঠিন্যত ভুগিছে ? তেন্তে খাদ্যতালিকাত ৰাখক এইবিধ পাচলি

images 2

Constipation Diet :

কোষ্ঠকাঠিন্য হ’ল এনে এটা সমস্যা , যি সমস্যাত মলত্যাগৰ সময়ত মানুহৰ গুহ্যদ্বাৰত কষ্ট হয় । সমান্তৰালকৈ পৰিপাক প্ৰক্ৰিয়াও খুব ধীৰ গতিত হয় ।

পাছত এই সমস্যা বাঢ়ি গৈ মলদ্বাৰত পাইলছ ৰোগৰ সৃষ্টি কৰে । তেনেক্ষেত্ৰত এই কোষ্ঠকাঠিন্য সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ দৈনিক খাদ্যতালিকাত সংযোগ কৰক কোমোৰা ।

কোমোৰা হৈছে এনে এবিধ পাচলি , য’ত কেলৰি , প্ৰোটিন, কাৰ্বহাইড্ৰেট ,আয়ৰণ ,ফাইবাৰ ,চডিয়াম ,ভিটামিন চি আৰু ভিটামিন ই আছে ।

এইবিধ পাচলি দৈনিক খালে মানুহৰ কোষ্ঠকাঠিন্য সমস্যা নিৰাময় হয় । সমান্তৰালকৈ কোমোৰাই ওজন নিয়ন্ত্ৰণ কৰা , ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে ।

কিন্তু এই কোমোৰা মচলা দি ভাজি ৰান্ধি খালে নহয় । ইযাৰ ৰন্ধাৰ এক পৃথক পদ্ধতি আছে । এই পদ্ধতি সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল ।

প্ৰথমতে কোমোৰাটো কাটি ধুই লোৱাৰ পাছত গৰম কেৰাহীত সামান্য তেল দি ভাজিব লাগে । কোনো কাৰণতে অধিক মচলা ঢালিব নালাগে ।

সমান্তৰালকৈ দালিত দি বা কোমোৰাৰ পনীয়া তৰকাৰী ৰান্ধি খালেও সুফল পাব পাৰে । অত্যন্ত স্বাস্থ্যকৰ এই পাচলি হৃদৰোগৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰী ।

বি : দ্ৰ : এই প্ৰতিবেদনটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । সমস্যা গুৰুতৰ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী ।

Exit mobile version