Coronavirus : দেশত কৰ’নাৰ চতুর্থ ঢৌ কোন পথে ?

906FC087 FC96 4528 9418 42CC15BECA64

Coronavirus :

কৰ’না ভাইৰাছৰ চতুর্থ ঢৌ আহিব ভাৰতত । জানুৱাৰীৰ মাজভাগৰ পৰাই বাঢ়িব সংক্রমণ । সতর্ক কৰিছিল গৱেষকসকলে । কিন্তু ডিচেম্বৰৰ মাজভাগৰ পৰা জানুৱাৰীৰ প্রথম সপ্তাহৰ মাজভাগ পর্যন্ত এতিয়াও কৰ’না ভাইৰাছৰ সংক্রমণ সিমান বৃদ্ধি পোৱা নাই ।

বিগত কিছুদিন ধৰি সমগ্ৰ দেশত অতি কম কৰ’না সংক্রমণ হৈছে । সেয়ে গৱেষকসকলে যিদৰে সতর্ক কৰিছিল চতুর্থ ৱেভ সন্দৰ্ভত তাৰ কোনো ইংগিত এই পর্যন্ত ভাৰতত দেখা নাযায় ।

কৰ’নাৰ দৈনিক সংক্রমণ চীনত মাৰাত্মক ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্রমণে । যথেষ্ট হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা । সেয়ে ভাৰতো সতর্ক হৈছে । জানুৱাৰীৰ মাজভাগত ভাৰতত কৰ’নাৰ চতুর্থ ঢৌ আহিব বুলি সতর্ক কৰিছিল গৱেষকসকলে । কিন্তু বৰদিনৰ উৎসৱ আৰু নৱবৰ্ষৰ উৎসৱৰ পাছতো দেশত আক্রান্তৰ সংখ্যা বিশেষ বৃদ্ধি পোৱা দেখা নাযায় ।

যোৱা দেওবাৰে দেশত কৰ’না ভাইৰাছত আক্রান্ত হৈছে অতি কম সংখ্যক লোক । বিগত এসপ্তাহত দেশত ১৫২৬ জন নতুনকৈ কৰ’না ভাইৰাছত আক্রান্ত হৈছে ।

ডিচেম্বৰৰ অন্তিম সপ্তাহৰ আগৰ সপ্তাহৰ তুলনাত মাত্র ২৫ শতাংশ বাঢ়িছে আক্রান্তৰ সংখ্যা‌‌ । অৱশ্যে চতুর্থ ঢৌ আৰম্ভ হ’বলগীয়া ধৰণৰ কৰ’না ভাইৰাছৰ সংক্রমণ হোৱা নাই দেশত ।

চীনত কৰ’নাৰ গ্ৰাস ইপিনে চীনত কৰ’না ভাইৰাছৰ সংক্রমণে মাৰাত্মক ৰূপ লৈছে । ছাংহাইৰ পৰা বেইজিং সর্বত্র কৰ’না আক্রান্ত হৈছে অসংখ্য লোক । চীনত এতিয়া প্ৰতিটো ঘৰতে কৰ’নাই বাহৰ পাতিছে । আক্রান্তৰ সংখ্যা নিয়ন্ত্রণ কৰিব পৰা নাই ।

কৰ’না ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণত আনিবলৈ জ্বলাকলা খাইছে জিনপিং প্রশাসনে । দ্রুত পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ তৎপৰ জিনপিং প্রশাসনে কঠোৰ তলাবন্ধৰ পথ অৱলম্বন কৰিছে । কিন্তু ইয়াৰ ফলাফল বিপৰীতহে হয় । জনসাধাৰণে পথত বিক্ষোভ কৰিবলৈ লয় । জিনপিং চৰকাৰৰ অপসাৰণৰ দাবী কৰিছ ।

কৰ’না টিকাক লৈ তৎপৰতা কৰ’না ভাইৰাছৰ সংক্রমণ চীনত বৃদ্ধি হ’বলৈ ল‌ওঁতেই কৰ’না টিকাক লৈ তৎপৰ হৈছে মোদী চৰকাৰ । ভাৰত বায়’টেকত নেজাল কৰ’না ভেকচিনৰ অনুমোদন দিছে কেন্দ্র‌ই ।

ক’ভেক্সিন আৰু ক’ভিশ্বিল্ডৰ দুটা টিকা যিসকলে লৈছে তেওঁলোক সকলোৱে এই বুষ্টাৰ নেজাল ভেক্সিন ল’ব পাৰিব বুলি জনাইছে কেন্দ্র‌ই । দেশৰ চৰকাৰী আৰু বেচৰকাৰী সকলো হাস্পাতালতেই পোৱা যাব এই কৰ’না ভেকচান ।
অৱশ্যে বুষ্টাৰ টিকাৰ দ্বিতীয় ড’জ সন্দৰ্ভত সিমান তৎপৰ হোৱা নাই কেন্দ্র । পূৰ্বে বুষ্টাৰ টিকাৰ প্রথম ড’জ নিশ্চিত কৰিব বিচাৰিছে তেওঁলোকে‌।

লক্ষ্যত ৪০ দিন জানুৱাৰীৰ মাজভাগত কৰ’নাৰ চতুর্থ ঢৌ ভাৰতত আহিব বুলি সতর্ক কৰিছে গৱেষকসকলে । তাৰ বাবে মোদী চৰকাৰে আগৰ পৰাই প্রস্তুতি চলাইছিল । আনকি দেশৰ সকলো হাস্পাতালত মকড্রিলো হৈ গৈছে ।

সকলো ৰাজ্যকে সতর্ক কৰি অক্সিজেন মজুত ৰাখিবলৈ কোৱা হৈছে । আগন্তুক ৪০ দিন অত্যন্ত তাৎপর্যপূর্ণ বুলি জনাইছে গৱেষকসকলে । ইতিমধ্যে সকলো আন্তর্জাতিক বিমানৰ যাত্রীসকলক কৰ’না পৰীক্ষা বাধ্যতামূলক কৰা হৈছে ।

Exit mobile version