Delhi Weather :
দিল্লীত শীতৰ প্ৰকোপ । যেনে শীত তেনে কুঁৱলীও। বুধবাৰে দিল্লীৰ তাপমাত্ৰা স্পৰ্শ কৰে ৪.৪ ডিগ্ৰী চেলচিয়াছ । একে সময়তে, বুধবাৰে ঘন কুঁৱলীৰে আৱৰিছে দিল্লী। যাৰ ফলত হ্ৰাস হয় দৃশ্যমানতা আৰু ইয়াৰ প্ৰভাৱ পৰিছে যানবাহনৰ চলাচলত ।
সূত্ৰ অনুসৰি, গাঙ্গেয় সমভূমিৰ চাৰিওফালে ঘন কুঁৱলী পৰিব । এই পৰিস্থিতি পৰৱৰ্তী দুই তিনিদিনলৈ অব্যাহত থাকিব। তাৰ পাছত, ক্ৰমান্বয়ে হ্ৰাস হ’ব পাৰে বুলি মৌচম ভৱনৰ সূত্ৰই জানিবলৈ দিয়ে ।
পালম বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, বুধবাৰে পুৱতি নিশা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দৃশ্যমানতা ২০০ মিটাৰ হ্ৰাস পাই।
দিল্লীৰ চফদৰজং পৰ্যৱেক্ষণালয়ৰ মতে, বুধবাৰে দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ৪.৪ ডিগ্ৰী চেলচিয়াছত উপনীত হয় । যিটো স্বাভাৱিকতকৈ তিনি ডিগ্ৰী চেলচিয়াছ কম।
কেৱল দিল্লীতে নহয়, হাড় কঁপোৱা ঠাণ্ডা হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডতো পৰিছে ।
সেই ৰাজ্যবোৰত, ঠাণ্ডাৰ লগতে অব্যাহত থাকিব কুঁৱলী । বহু ঠাইত ৰে’ল আৰু বাহনবোৰ পলমকৈ চলিছে। বাতিল কৰা হৈছে কিছু ৰে’ল।






























