Farmer : চৰকাৰী চাকৰি কৰিও কৃষি কৰ্মত ব্যস্ত বুঢ়ীনগৰৰ কৃষক উদয় হালৈ

কেৱলমাত্ৰ বিজ্ঞাপনে কৃষিক্ষেত্ৰৰ একো উন্নয়ন আনিবা নোৱাৰে

WhatsApp Image 2023 01 04 at 20.23.15 1

Farmer :

কৃষি কৰ্মৰে শেহতীয়াকৈ চর্চালৈ আহিছে নলবাৰীৰ এজন কৃষক । কৃষকজনৰ নাম উদয় হালৈ । তেওঁ নলবাৰী বুঢ়ী নগৰ গাঁৱৰ বাসিন্দা ।

এফালে বানৰ সংহাৰ, আনফালে ৰাসায়নিক সাৰৰ দীৰ্ঘদিনীয়া অভাৱে নলবাৰীৰ কৃষক সমাজক প্ৰায় প্ৰতিবছৰে ত্ৰাহি মধুসুদন দেখুৱাই অহা ঘটনা নতুন নহয় ।

অসম চৰকাৰৰ কৃষি বিভাগে প্ৰতি বছৰে কৃষক কল্যাণৰ নামত কোটি কোটি টকা ব্যয় কৰা বিজ্ঞাপন যিদৰে অতি তেনেদৰে কৃষকসকলে চৰকাৰী সাহায্যৰ নামত ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধৰ পৰা সদায় বঞ্চিত হৈ আহিছে ।

আনকি কৃষি বিভাগৰ গ্ৰাম সেৱক অধিকাংশৰে চেহেৰাটোও নলবাৰীৰ কৃষকে নেদেখা বিধৰ । ইয়াৰ সমান্তৰালভাৱে জলসিঞ্চনৰ ব্যৱস্থাসমূহো কেৱল মাত্ৰ ঠিকাদাৰ আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ মাজতে সীমাবদ্ধ প্ৰায় ।

আনহাতে, বানপানীয়ে প্ৰায় প্ৰতি বছৰে জিলাখনৰ প্ৰায়বোৰ অঞ্চল প্লাৱিত কৰি আহিছে । অৱশ্যে এনে বহু প্ৰত্যাহ্বানকো নেওচি ইয়াৰ কৃষক সমাজে কপালৰ ঘাম মাটিত পেলাই বছৰি ৰবি আৰু ধান উচ্চ হাৰত উৎপাদন কৰি চৰ্চিত হৈ আহিছে । এনে এজন কৃষক উদয় হালৈ ।

উদয় সৰুৰে পৰা কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী আছিল । সেই সূত্ৰে তেওঁ পৰম্পৰাগত পদ্ধতিৰেই দীৰ্ঘদিন ধৰি শালি আৰু ৰবি দুই ধৰণৰ খেতি কৰি আহিছে ।

উল্লেখ্য যে উদয় এজন চৰকাৰী কৰ্মচাৰী হিচাপে নিয়োজিত হৈ থকাৰ পাছতো কৃষিকৰ্ম বাদ দিয়া নাছিল । শেহতীয়াভাৱে তেওঁ চাকৰিৰ পৰা অৱসৰ লৈ অধিক উদ্যমেৰে কৃষিকৰ্মত আত্মনিয়োগ কৰিছে ।

লক্ষ্যণীয় যে এই বৰ্ষৰ দৰে সংহাৰী বান, সাৰ-কীটনাশক দ্ৰব্যৰ নাটনিৰ মাজতো তিলমাত্ৰ চৰকাৰী সাহায্য অবিহনে ১০ বিঘা মাটিত ধান খেতি কৰি প্রতি বিঘা মাটিত ২০-২৫ মোনকৈ ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে ।

তদুপৰি কবি, সৰিয়হ, আলু, ৰহৰ, মচুৰ আদি ৰবি খেতিত তেওঁ ব্যস্ত হৈ আছে ।

আনহাতে কৃষকজনে তেওঁৰ কৃষি পাম চৌহদত এই পর্যন্ত এশ জোপা কলপুলি ডাঙৰ কৰি তুলিছে ।

কৃষকজনে ‘দৈনিক অগ্ৰদূত’ক প্ৰকাশ কৰে যে তেওঁ কোনো ধৰণৰ চৰকাৰী আঁচনিৰ নামত এদিনো সময় খৰছ কৰা নাই । তাৰ বিপৰীতে ৰাতিপুৱাৰে পৰা বেলি পৰা পৰ্যন্ত তেওঁ নিজে ব্যস্ত হৈ আছে ।

অৱশ্যে পূৰ্বৰ পৰম্পৰাগত কৃষি পদ্ধতিৰ বিপৰীতে কৃষি বিভাগৰ কিছুমান কিতাপ পত্ৰ অধ্যয়ন কৰাৰ লগতে ইউটিউবৰ আধুনিক বৈজ্ঞানিক পদ্ধতিৰ দিহা লৈ যোৱা কেইবছৰমানৰ পৰা খেতি কৰিবলৈ লৈছে ।

আনহাতে তেওঁ কয়, ‘উপায়ন্তৰ হৈ, অমনোযোগিতাৰে কৃষি কৰ্ম কৰিবলৈ লোৱাৰ বিপৰীতে আজিৰ শিক্ষিত ছাত্ৰ-ছাত্ৰীসকলে আধুনিক বৈজ্ঞানিক পদ্ধতিৰ আলমত কৰিবলৈ লওক, ফল নিশ্চয় পাব ।’

আনহাতে, সংশ্লিষ্ট চৰকাৰী বিভাগকো নির্দিষ্ট সময়ত কৃষকৰ ওচৰলৈ গৈ খেতি পৰীক্ষণ কৰাৰ লগতে সুলভ হাৰত সাৰ আৰু অন্যান্য ঔষধ যোগান ধৰাৰ আহ্বান জনায় ।

ইয়াৰ অন্যথা কেৱলমাত্ৰ বিজ্ঞাপনে কৃষি ক্ষেত্ৰৰ একো উন্নয়ন আনিব নোৱাৰাটো খাটাং বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

Exit mobile version