Shiva Chauhan : ছিয়াচেনত মাইনাছ ৩০ ডিগ্রীত প্ৰহৰী দেশৰ প্রথম মহিলা সেনা ! শিৱা চৌহান কোন ?

indian army woman officer siachen 1672756248563 1672756260147 1672756260147

Shiva Chauhan :

কেপ্টেইন শিৱা চৌহান । বিশ্বৰ সর্বোচ্চ যুদ্ধক্ষেত্র ছিয়াচেনত মোতায়েন প্রথম মহিলা সেনা । মঙলবাৰে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে ।

ছিয়াচেনত মোতায়েন হোৱাৰ পূৰ্বে অন্য সেনা বিষয়াৰ দৰে শিৱায়ো এমাহৰ কঠোৰ প্রশিক্ষণৰ মাজেৰে যাবলগীয়া হৈছিল ।

সঠিক প্রশিক্ষণৰ বাবে শিৱাক এমাহৰ বাবে ছিয়াচেন বেটল স্কুলত ৰখা হৈছিল । সেই প্রশিক্ষণত বৰফৰ প্রাচীৰত উঠা, তুষাৰপাতৰ মাজত উদ্ধাৰকাৰ্য চলোৱা আৰু কঠিন পৰিস্থিতিত জীয়াই থকাৰ মহড়া অন্তর্ভুক্ত আছিল ।

সেনাবাহিনীয়ে এক বিবৃতিত জনাইছে, ‘‘বিভিন্ন প্রতিকূলতা থকা স্বত্ত্বেও কেপ্টেইন শিৱাই সফলভাৱে প্রশিক্ষণ শেষ কৰিছে আৰু ছিয়াচেন চম্ভালিবলৈ প্রস্তুত ।’’

দুই জানুৱাৰীত, সমুদ্রপৃষ্ঠৰ পৰা ১৫ হেজাৰ ছশ ফুট উচ্চতাত ছিয়াচেনৰ কুমাৰ প’ষ্টত, শিৱাক মোতায়েন কৰা হৈছে । এই অঞ্চলৰ তাপমাত্রা মাইনাছ ৩০ ডিগ্রী ছেলচিয়াছ ।

কেপ্টেইন শিৱাৰ নেতৃত্বত সেনাৰ এটা দলে যুদ্ধৰ প্রযুক্তিগত কৌশলত কাম কৰিব । সম্প্ৰতি তিনি মাহৰ বাবে কুমাৰ প’ষ্টত মোতায়েন থাকিব শিৱা আৰু তেওঁৰ দল ।

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে এটা টুইটত শিৱাক ছিয়াচেনত মোতায়েন কৰাৰ খবৰ প্রকাশ্যত অনাৰ পাছৰ পৰা দেশবাসীৰ দৃষ্টি তেওঁৰ ওপৰত । সকলোৰে এতিয়া এটাই প্রশ্ন, কোন এই শিৱা ?

কেপ্টেইন শিৱা ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা । ১১ বছৰ বয়সত তেওঁৰ পিতৃৰ মৃত্যু হয় । দ্বাদশ শ্রেণী পর্যন্ত শিৱাই উদয়পুৰৰ এখন বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল । পাছত তেওঁ উদয়পুৰৰেই ‘এনজেআৰ ইনষ্টিটিউট অৱ টেকন’লজি’ৰ পৰা চিভিল ইঞ্জিনিয়াৰিং কৰে ।

শৈশৱৰ পৰাই ভাৰতীয় সশস্ত্র বাহিনীত যোগ দিয়াৰ স্বপ্ন দেখিছিল শিৱাই । সেয়ে পঢ়া-শুনা শেষ কৰি তেওঁ চেন্নাইৰ ‘অফিচাৰছ ট্রেইনিং একাডেমি’ত প্রশিক্ষণ লয় ।

প্রশিক্ষণ লোৱাৰ পাছত শিৱাই ২০২১ত ভাৰতীয় সেনাৰ ‘ইঞ্জিনিয়াৰিং ৰেজিমেন্ট’-ৰ সদস্য হয় । ২০২২ৰ জুলাইত কাৰ্গিল বিজয় দিৱস উপলক্ষে কেপ্টেইন শিৱাই ছিয়াচেন যুদ্ধ স্মৃতিসৌধৰ পৰা কাৰ্গিল যুদ্ধ স্মৃতিসৌধলৈ ৫০৮ কিলোমিটাৰ দূৰত্বত ছুৰা ছ’ই চাইকেল অভিযানত সফলতাৰে নেতৃত্ব দিয়ে।

ইয়াৰ পাছতে শিৱাক ছুৰা ছ’ই অভিযন্তাসকলৰ নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হয় । ছিয়াচেনত তেওঁৰ অভূতপূর্ব প্রদর্শনৰ বাবে তেওঁক ছিয়াচেন বেটল স্কুলত প্রশিক্ষণৰ বাবে নিৰ্বাচন কৰা হৈছিল । সেই প্রশিক্ষণৰ পাছতেই তেওঁক ছিয়াচেনত মোতায়েন কৰা হৈছে ।

বিশ্বৰ সর্বোচ্চ আৰু শীতলতম যুদ্ধক্ষেত্র সুৰক্ষিত কৰিবলৈ ভাৰতৰ ‘মেঘদূত অপাৰেছন’-ৰ পাছৰ পৰা বিগত ৪০ বছৰত ছিয়াচেনত কেতিয়াও কোনো মহিলা সেনা বিষয়াক মোতায়েন কৰা নাই ।

শিৱাৰ বিষয়ে প্রতিৰক্ষামন্ত্রী ৰাজনাথে টুইট কৰি লিখিছিল, “ভাল খবৰ ! অধিক সংখ্যক মহিলাই সশস্ত্ৰ বাহিনীত যোগদান কৰি প্ৰতিটো প্ৰত্যাহ্বান গ্ৰহণ কৰা দেখি মই ৰোমাঞ্চিত হৈছো। কেপ্তেইন শিৱক প্ৰণাম জনাইছো।”

মহিলাদের আরও বেশি করে সশস্ত্র বাহিনীতে যোগ দিতে এবং প্রতিটি চ্যালেঞ্জকে এগিয়ে নিয়ে যেতে দেখে আমি রোমাঞ্চিত। ক্যাপ্টেন শিবাকে আমি শুভেচ্ছা জানাই।’’

Exit mobile version