Supreme Court:চিনেমা হলত বাহিৰৰ পৰা খাদ্য লৈ প্ৰৱেশ কৰিব নোৱাৰিব দৰ্শকে:উচ্চতম ন্যায়ালয়

WhatsApp Image 2023 01 04 at 18.03.09

Supreme Court:

ভাৰতৰ চিনেমা হল সমূহত দৰ্শকে খাদ্য লৈ প্ৰৱেশ কৰাৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷

সেই অনুসৰি চলচ্চিত্ৰ গৃহৰ স্বত্বাধিকাৰ সকলে দৰ্শকক বাহিৰৰ খাদ্য অনাত বাধানিষেধ কৰিব পাৰে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে দিয়া এক ৰায়দানত কয় যে চিনেমা হল হৈছে মালিকৰ ব্যক্তিগত সম্পত্তি যি হললৈ অহা লোকসকলৰ প্ৰৱেশৰ অধিকাৰৰ ওপৰত এনে ‘চৰ্তাৱলী আৰু নিয়মাৱলী’ আৰোপ কৰাৰ অধিকাৰৰ ভিতৰত আছে।

উল্লেখ্য জম্মু-কাশ্মীৰৰ মাল্টিপ্লেক্স মালিক আৰু থিয়েটাৰ মালিকসকলৰ দ্বাৰা দাখিল কৰা এক আবেদনৰ আপীলৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয়া ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ খণ্ড বিচাৰপীঠে কয়, “চিনেমা হলৰ সম্পত্তি চিনেমা হলটোৰ মালিকৰ ব্যক্তিগত সম্পত্তি

এনে ক্ষেত্ৰত চিনেমা হল আৰু মাল্টিপ্লেক্সবোৰৰ চৰ্তাৱলী আৰু নিয়মাৱলী নিৰ্ধাৰণ কৰাৰ আৰু বাহিৰৰ পৰা খাদ্য আৰু পানীয়ৰ অনুমতি দিয়া হ’ব নে নাই সিদ্ধান্ত লোৱাৰ অধিকাৰ মালিকৰ নিজা এক্তিয়াৰ বিষয় ।

আনহাতে চিনেমা চাব নে নাচাব সেয়া দৰ্শকজনৰ নিজা পছন্দ ৷ কিন্ত দৰ্শকে চিনেমা হলত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে চিনেমা হল কৰ্তৃপক্ষই জাৰি কৰা নিয়ম মানি চলিব লাগিব বুলি সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়টোত স্পষ্ট কৰে ৷

Exit mobile version