Delhi Winter : শীতত কঁপিছে দিল্লী, ঋতুৰ শীতলতম দিনত ঘন কুঁৱলীৰ আচ্ছাদন

delhi winter temperature dips latest 1672813204910 1672813205074 1672813205074

Delhi Winter :

শীতকালীন দিল্লীয়ে হিমালয়ৰ পাহাৰীয়া চহৰসমূহক চেৰ পেলাইছে । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত কে’বাটাও স্থানত তাপমাত্ৰা ২.৫ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামিছে । একাংশ বতৰ বিজ্ঞানীৰ মতে এয়া শীত প্ৰবাহৰ লক্ষণ ।

বৃহস্পতিবাৰে দিল্লী এইবাৰৰ ‘আটাইতকৈ ঠাণ্ডা দিন’ৰ সাক্ষী হ’ল । ৰাজধানী চহৰৰ ছফদৰজং অঞ্চলৰ সৰ্বনিম্ন উষ্ণতা আছিল তিনি ডিগ্ৰী চেলছিয়াছ ।

অয়নগৰৰ দৰে অঞ্চলত পাৰা ২.২ ডিগ্ৰীলৈ হ্ৰাস পাইছে । উজৱাত ২.৩ ডিগ্ৰী চেলছিয়াছ আৰু দিল্লী ৰিজ আৰু লোধি ৰোড অঞ্চলত ২.৮ ডিগ্ৰী চেলছিয়াছলৈ নিমিছে । যিটো স্বাভাৱিকতকৈ প্ৰায় চাৰি ডিগ্ৰী কম ।

কপকপিয়া ঠাণ্ডাৰ লগতে বৃহস্পতিবাৰৰ সন্ধিয়ালৈকে কুঁৱলীৰে ঢাক খাই আছিল দিল্লী । ইয়াৰ ফলত দৃশ্যমানতা হ্ৰাস পায় । ফলত যাতায়ততো প্ৰভাৱ পৰে ।

ব্যস্ত পালম অঞ্চলত দৃশ্যমানতা ২৫ মিটাৰলৈ হ্ৰাস পাইছিল । বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস, আগন্তুক কিছুদিনত পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অঞ্চল ঘনৰ পৰা অতি ঘন কুঁৱলীত ঢাক খাব ।

Exit mobile version