Bizarre : চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে , শ্মশানলৈ লৈ যোৱাৰ পথত বাছি উঠিল জেষ্ঠা!

1672922429 up

Bizarre :

মগজুত ৰক্তক্ষৰণৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল এগৰাকী জেষ্ঠাক। কেবাদিনো ভৰ্তি থকাৰ পাছত, তেওঁৰ মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে ।

চিকিৎসকসকলে জেষ্ঠাগৰাকীক মৃত বুলি ঘোষণা কৰে । শোকসন্তপ্ত পৰিয়ালটো জেষ্ঠাগৰাকীৰ মৃতদেহ লৈ ঘৰলৈ যায় ।

শেষ শ্ৰদ্ধা জনোৱাৰ পাছত, মৃতদেহটো শ্মশানলৈ লৈ যোৱা হয় ।

কিন্তু শ্মশানলৈ যাওঁতে জেষ্ঠাগৰাকীয়ে হঠাতে চকু মেলে বুলি পৰিয়ালটোৱে দাবী কৰে। জেষ্ঠা মহিলাগৰাকী জীয়াই থকা বুলি গম পাইয়ে লগে লগে শোকৰ পৰিৱেশ সলনি হৈ পৰে আনন্দৰ মুহূৰ্তত ।

তাৰ পাছত , বৃদ্ধাগৰাকীক চিতাৰ পৰা উঠাই ঘৰলৈ লৈ যোৱা হয় । কিন্তু পিছদিনাই জেষ্ঠাগৰাকীৰ মৃত্যু হয় । এই কথা জেষ্ঠাগৰাকীৰ পৰিয়ালে দাবী কৰে । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত

প্ৰাপ্ত তথ্য অনুসৰি, মৃত জেষ্ঠাগৰাকীৰ নাম হৰিভেজী। ডিচেম্বৰৰ ২৩ তাৰিখে, জেষ্ঠাগৰাকীৰ মগজুত ৰক্তক্ষৰণ আৰম্ভ হয়।

তেওঁক ততাতৈয়াকৈ ফিৰোজাবাদৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । ১০ দিনৰ চিকিৎসাৰ পাছত , চিকিৎসকসকলে মঙলবাৰে জনাই যে জেষ্ঠাগৰাকীৰ মগজুৱে কাম কৰা বন্ধ কৰি দিছে। তেওঁৰ মগজুৰ মৃত্যু হৈছে ।

জেষ্ঠাগৰাকীৰ পুত্ৰ সুগ্ৰীৱ সিঙে দাবী কৰে যে তেওঁৰ মাতৃ জীয়াই আছে। অৱশ্যে, চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক মৃত বুলি ঘোষণা কৰে। সুগ্ৰীৱাই অভিযোগ, চিকিৎসালয়ৰ অৱহেলাৰ বাবে তেওঁৰ মাতৃৰ মৃত্যু হৈছে। যদিও, চিকিৎসালয় কৰ্তৃপক্ষই অভিযোগবোৰ অস্বীকাৰ কৰিছে।

Exit mobile version