Cm Visits Goalpara Sainik School:গোৱালপাৰা সৈনিক স্কুলত মুখ্যমন্ত্ৰী

উদ্বোধন কৰিলে ৩৫০ খন আসন বিশিষ্ট এম্পিথিয়েটাৰ

WhatsApp Image 2023 01 06 at 17.00.38

Cm Visits Goalpara Sainik School:

শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় গোৱালপাৰাত ৷পোনে পোনে মুখ্যমন্ত্ৰী গৰাকীয়ে গোৱালপাৰা সৈনিক স্কুলত উপস্থিত হৈ শিক্ষাৰ্থী সকলৰ স’তে এক মতবিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

তাৰ পুৰ্বে মুখ্যমন্ত্ৰী শৰ্মাক উস্ম আদৰণি জনায় সৈনিক স্কুলৰ অধ্যক্ষ কৰ্নেল ৱা এছ পৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে স্কুলৰ কেডেট সকলৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ৷ উল্লেখ্য যে কেডেট সকলে গাৰ্ড অৱ অনাৰো দিয়ে মুখ্যমন্ত্ৰীক৷

ইয়াৰ পাচতে মুখ্যমন্ত্ৰীয়ে স্কুল চৌহদত নিৰ্মাণ হৈ উঠা  ৩৫০খন আসন বিশিষ্ট এটা এম্পিথিয়েটাৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৷এই উপলক্ষে আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়, উদ্বোধন হোৱা নতুন প্ৰেক্ষাগৃহটোৱে স্কুলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব ৷

বিদ্যালয়খনৰ ভ্ৰমণকালতে শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশৰ উন্নয়ন সন্দৰ্ভত ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিব ৷

সভাত শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ তথা সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা, ৫১ ছাব এৰিয়াৰ জি অ’ চি মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝা, গোৱালপাৰা সৈনিক স্কুলৰ অধ্যক্ষ কৰ্নেল ৱা এছ পৰ্মাৰ,উপায়ুক্ত খনীন্দ্ৰ চৌধুৰী উপস্থিত থাকে ৷

Exit mobile version