Elderly doctor’s money looted :
ক্ৰাইম মেপ প্ৰস্তুত কৰা অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্তালয় তৎপৰ হোৱাৰ বিপৰীতে স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি ইটোৰ পিছত সিটোকৈ অপৰাধজনিত কাৰ্য অব্যাহত ৰাখিছে অপৰাধীয়ে ৷
শেহতীয়াকৈ শুক্ৰবাৰে মহানগৰীৰ সদাব্যস্ত উজানবজাৰৰ এটা এটি এমত এগৰাকী অৱসৰ প্ৰাপ্ত চিকিৎসকৰ পৰা দুৰ্বৃত্তই অতি কৌশলৰে লুট কৰি নিয়ে প্ৰায় এক লাখ বাৰ হেজাৰ ধন৷
প্ৰাপ্ত খবৰ অনুসৰি,ডা: প্ৰসেনজিৎ বৰা নামৰ বয়োবৃদ্ধ গৰাকীয়ে উজানবজাৰৰ এটা এ টি এম পৰা এ টি এম কাৰ্ডৰ জৰিয়তে উলিয়াইছিত নগদ তিনিহাজাৰ টকা ৷
কিন্ত চিকিৎসকে জনে মেচিনটোতৰ পৰা তেওঁৰ কাৰ্ড খন ওলায় নহাত সমীপস্থ বেংকটোত সুধিবলৈ যাওঁতেই ইতিমধ্যে তেওঁক অনুকৰণ কৰি থকা দুৰ্বৃত্তই কাৰ্ড খনৰ জৰিয়তে বহু টকা উলিয়াই নিয়ে ৷আনকি পৰৱৰ্তী সময়ত কাৰ্ড চুয়াইপ কৰি বজাৰ কৰিও ধন উঠাই নিয়ে দুৰ্বৃত্তই ৷
আনহাতে তেওঁ বেংকত গৈ একাউণ্টৰ বেলেন্স পৰ্যবেক্ষণ কৰাত নিশ্চিত হয় যে দুৰ্বৃত্তই ইতিমধ্যে তেওঁৰ একাউণ্টৰ পৰা লুটি নিছে একলাখ বাৰ হাজাৰ টকা ৷
ঘটনা সন্দৰ্ভত ভুক্তভোগী চিকিৎসক গৰাকীয়ে লতাশিল থানাত দাখিল কৰিছে এজাহাৰ ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উজানবজাৰত ৷