Third Gender :মহানগৰীত সংগোপনে অব্যাহত আছে কিন্নৰৰ ছিণ্ডিকেট

ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড বহিঃৰাজ্যৰ কিন্নৰ,ৰাজপথত ধন সংগ্ৰহ

Third Gender :

মহানগৰৰ স্মাৰ্ট আৰক্ষীৰ সন্মুখতে কিন্নৰে নিৰ্বিবাদে অব্যাহত ৰাখিছে ধন সংগ্ৰহৰ ছিণ্ডিকেট ৷ আনকি কিন্নৰৰ বহু দলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন আৰোহী আৰু পথচাৰীক এক প্ৰকাৰ বলপুৰ্বক ধন ঘটাৰ সমান্তৰালভাৱে মহানগৰীৰ সদাব্যস্ত পথ সমূহৰে চলাচল কৰা চিটিবাছ সমূহ ষ্টপেজত ৰখালেই জাকে জাকে কিন্নৰ প্ৰৱেশ কৰি যাত্ৰীক ব্যতিবস্ত কৰি ধন সংগ্ৰহ কৰাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ৷

ADVERTISEMENT

উল্লেখ্য যে ভঙাগড় উৰণীয়া সেঁতু চিটিবাছ ষ্টপেজ,চান্দমাৰী, জোনাকী,গনেশগুৰি আৰু গুৱ বাণিজ্য মহাবিদ্যালয়,জুৰোড তিনিআলি সহ কেতবোৰ স্থানত কিন্নৰৰ ধন সংগ্ৰহ অভিযান দৈনিক অব্যাহত আছে ৷

এই কিন্নৰ সমূহক নিয়ন্ত্ৰণ কৰে বহি:ৰাজ্যৰ এটা চক্ৰই ৷ এই কিন্নৰ বেশত শেহতীয়া প্ৰৱেশ ঘটিছে একাংশ পুৰুষ৷ সহজ পদ্ধতিৰে ধন সংগ্ৰহৰ পন্থা হিচাপে মহিলাৰ পোছাক পৰিধান কৰি কিন্নৰৰ বেশ ধৰা একাংশ কিন্নৰক মাজে -সময়ে আৰক্ষীয়ে আটক কৰিছে যদিও কিন্নৰৰ সন্ত্ৰাস কমা নাই মহানগৰীত ৷
সচেতন মহলে শীৰ্ঘে কিন্নৰ ধন সংগ্ৰহ অভিযান বন্ধ কৰিবলৈ আৰক্ষীক দাবী জনায় ৷

Exit mobile version