Garia-Maria Deshi Jatiya Parishad :বাঘ হাজৰিকাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অসমৰ থলুৱা জনগোষ্ঠী গৰিয়া মৰিয়া দেশী সকলৰ বাবে কেৱল দুৰ্ভাগ্যজনকেই নহয় এক বিপদজনক সংকেত !

WhatsApp Image 2023 01 12 at 7.04.02 PM

Garia-Maria Deshi Jatiya Parishad :

অসমৰ মানচিত্ৰৰ পৰা মচি দিবলৈ বিচাৰিছে নেকি ইতিহাস প্ৰসিদ্ধ থলুৱা ইছলামধৰ্মী জনগোষ্ঠী সকলৰ ইতিহাস ? ঐতিহাসিক ভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰে পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো সংকটকালত আৰু প্ৰতিটো জলন্ত সমস্যাত জৰ্জৰিত এই জনগোষ্ঠীৰ লোকসকলৰ আছে অভুতপূৰ্ব সঁহাৰি, ত্যাগ আৰু অৱদান।

অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা এই লোকসকলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত আছে এক এৰাব নোৱাৰা একতা আৰু ভাতৃত্ববোধৰ সম্পৰ্ক।

ৰাজ্যখনত সিঁচৰতি হৈ বসবাস কৰি থকা অসমীয়া সমাজখনত এই জনগোষ্ঠীৰ লোকসকলে কেতিয়াও ধৰ্মীয় গণ্ডীত আৱদ্ধ নাথাকি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক জীয়াই ৰাখিবলৈ নিৰৱিচ্ছিন্ন ভাৱে আত্মোৎসৰ্গ কৰি আহিছে।

অসমৰ আন্ত:জনগোষ্ঠীয় কৌটিকলীয়া ঐক্য- সম্প্ৰীতিৰ এনাজৰীডাল আজিও শক্তিশালী কৰি ৰাখিছে এই জনগোষ্ঠীৰ লোকসকলে। বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত আছে এই জনগোষ্ঠীৰ লোকসকলৰ এক সাতামপুৰুষীয়া ভাতৃত্ববোধৰ সম্পৰ্ক।

ধৰ্ম যিয়েই নহ‌ওঁক কিয়, আমাৰ জনগোষ্ঠীয় লোকৰ লগত অসমৰ অন্যান্য সকলো জাতি- জনগোষ্ঠীয় লোকৰ সৈতে আছে এজনে আনজনক বাদ দি চলিব নোৱাৰা এক সুদৃঢ় সম্পৰ্ক। ৰাজনৈতিক ভাৱে যুগ যুগ ধৰি বঞ্চিত আৰু ক্ষমতাহীন এই জনগোষ্ঠীৰ লোকসকল নিৰৱিচ্ছিন্ন ভাৱে শোষিত আৰু অৱহেলিত হৈ আহিছিল বিগত চৰকাৰ সমূহৰ দীৰ্ঘদিনীয়া কালছোৱাত।

শেহতীয়াকৈ, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট আশ্বাস আৰু বিশ্বাস দিছিল এই ঐতিহ্যমণ্ডিত থলুৱা ইছলামধৰ্মী জনগোষ্ঠীৰ লোকসকলক। বছৰ বছৰ ধৰি অৱহেলিত আৰু বঞ্চিত হৈ থকা গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ লোকসকলে এইগৰাকী মুখ্যমন্ত্ৰীৰ পৰা এক আশাৰ ৰেঙণি দেখিছিল।

তেনেস্থলত, মুখ্যমন্ত্ৰীয়ে বাঘ হাজৰিকাৰ অস্তিত্বক অসমৰ বুৰঞ্জীৰ পাতৰ পৰা সমূলি নস্যাৎ কৰি ৰাজহুৱাকৈ প্ৰদান কৰা বিৰূপ মন্তব্যক সহজভাৱে ল’ব পৰা নাই এই জনগোষ্ঠীৰ লোকসকলে।

উল্লেখ্য যে, অসমৰ সুপ্ৰতিষ্ঠিত তথা বৰেণ্য ইতিহাসবিদ সকলৰ দ্বাৰা লিপিবদ্ধ বুৰঞ্জীৰ পাতত বিদেশী মোগলৰ বিৰুদ্ধে মাতৃভূমি অসম আৰু বৃহত্তৰ অসমীয়া সমাজখনক ৰক্ষা কৰিবলৈ তেতিয়াৰ আহোম স্বৰ্গদেউৰ দ্বাৰা নিযুক্ত মূখ্য সেনানায়ক মহাবীৰ লাচিত বৰফুকনৰ সহযোদ্ধা ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকাই নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি প্ৰবল পৰাক্ৰমেৰে যুঁজি মহাবীৰ লাচিতৰ নেতৃত্বত মহাপ্ৰতাপী বিদেশী মোগল সেনাক পৰাস্ত কৰি অসমীয়া সেনা বাহিনীৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল।

ঐতিহাসিক ভাৱে সুখ্যাত এইগৰাকী বাঘ হাজৰিকা সম্পৰ্কে অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত, নিৰপেক্ষ তথা অভিজ্ঞ বুৰঞ্জীবিদসকলক লৈ এখন “উচ্চস্তৰীয় গৱেষণা সমিতি” গঠন কৰি বাঘ হাজৰিকাৰ অস্তিত্বৰ ওপৰত সঠিক তথ্য

ভিত্তিক অধ্যয়ন কৰোৱাৰ লগতে চৰকাৰী ভাৱে এখনি গৱেষণা পত্ৰ প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ডোলেৰে বান্ধ খাই থকা শান্তিপূর্ণ অসমবাসী ৰাইজক আশ্বস্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক দাবী জনায় সংগঠনটোৱে।

Exit mobile version