Spare :
ব্ৰিটিছ যুৱৰাজ হেৰীৰ আত্মজীৱনী ‘স্পেয়াৰ’ ব্ৰিটেইনত সবাতোকৈ দ্ৰুতগতিত বিক্ৰী হোৱা অকাহিনী গ্রন্থ হিচাপে স্বীকৃত হ’ল।
মঙলবাৰে এইখন গ্রন্থ মুকলি কৰা হৈছিল আৰু এদিনতে ব্ৰিটেইনত ‘স্পেয়াৰ’ৰ চাৰি লাখ কপি বিক্ৰী হ’ল। হেৰীয়ে তেওঁৰ জীৱনী গ্ৰন্থত ব্ৰিটিছ ৰাজপৰিয়ালৰ বিভিন্ন গোপন কথাৰ লগতে নানা বিতৰ্কৰ কথাও সদৰী কৰিছে।
উল্লেখ্য যে যুৱৰাজ হেৰী হৈছে ইংলণ্ডৰ ৰজা চাৰ্লছৰ কনিষ্ঠ পুত্র। ২০২০ বৰ্ষত পত্নী মেগানৰ স’তে হেৰীয়ে ব্ৰিটিছ ৰাজমৰ্যাদা ত্যাগ কৰিছিল।
সদ্যপ্ৰকাশিত ‘স্পেয়াৰ’ত হেৰীয়ে তেওঁৰ শৈশৱৰ পৰা ৰাজপৰিয়াল ত্যাগলৈকে নানা কথা মুক্তমনৰে ব্যক্ত কৰিছে।
মঙলবাৰে ‘স্পেয়াৰ’ মুকলি কৰাৰ পাছতে লণ্ডনৰ লগতে ব্ৰিটেইনৰ প্ৰায়বোৰ চহৰতে গ্ৰন্থ বিপণীত হেৰীৰ জীৱনীগ্ৰন্থ ক্ৰয় কৰিবলৈ যথেষ্টসংখ্যক লোকে ভিৰ কৰিছিল।
‘স্পেয়াৰ’ৰ মূল্য ২,৭৭৮ টকা নিৰ্ধাৰণ কৰা হৈছে যদিও সম্প্রতি এমেজনত ১৩৮৯ টকাত এইখন গ্ৰন্থ উপলব্ধ হৈছে। পেংগুইনে সদৰী কৰা অনুসৰি, প্ৰকাশৰ দিনাই বিক্ৰীৰ অভিলেখৰ দিশৰে ‘হেৰী প’টাৰ’তকৈও অধিক কপি বিক্রী হ’ল ‘স্পেয়াৰ’ৰ।