Sharad Yadav Death :প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ দেহাৱসান

৭৫ বছৰ বয়সত বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ শেষ নিশ্বাস ত্যাগ

WhatsApp Image 2023 01 13 at 3.36.01 PM

Sharad Yadav Death:

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ দেহাৱসান। ৭৫ বছৰ বয়সত বৰ্ষীয়ান ৰাজনীতিক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰাক্তন মন্ত্ৰী গৰাকীৰ জীয়ৰী শুভাসিনী শৰদ যাদৱে পিতৃৰ মৃত্যুৰ বিষয়ে সদৰি কৰে।

উল্লেখ্য যে দেশৰ আগশাৰীৰ ৰাজনীতিক যাদৱ বৃহস্পতিবাৰে নিশাভাগত অসুস্থ হৈ হঠাতে অচেতন হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ হাস্পাতাললৈ নিয়ে যদিও নিশাভাগতে চিকিৎসকে মৃত ঘোষণা কৰে।

শৰদ যাদৱৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে ৰাজনৈতিক মহল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

বৰ্ষীয়ান নেতা গৰাকীয়ে দিল্লী ৰাজনীতি ক্ষেত্ৰ খনৰ এক পৰিচিত নাম হৈ পৰিছিল ৷ শৰদ যাদৱ তিনি বাৰকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু সাতবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল । শেহতীয়াকৈ অসুস্থতাৰ বাবে ৰাজনীতিৰ পৰা আঁতৰি আছিল ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ ২০ মাৰ্চত তেওঁৰ নেতৃত্বাধীন লোকতান্ত্ৰিক জনতা দলটি বিহাৰৰ শাসনাধিষ্ঠ লালু যাদৱৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে বিলয় হৈছিল।

ইয়াৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বাধীন জনতা দল (ইউ)ৰ স’তে দীৰ্ঘদিনৰ পৰা সম্পৰ্ক ৰক্ষা কৰিছিল ৷যাদৱে এটা সুকীয়া দল গঠনৰ পৰিকল্পনা কৰিছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে সেইয়া সম্ভৱ হৈ নুঠিল ৷

আনহাতে ২০১৯ ৰ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় জনতা দলৰ পৰা যাদৱে প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল যদিও পৰাজিত হয় ৷
প্ৰয়াত যাদৱে মৃত্যুৰ সময়ত পত্নী ,পুত্ৰ- কন্যাক ইহ সংসাৰত এৰি থৈ যায় ৷

স্মতৰ্ৱ্য যে শৰত যাদৱৰ ইচ্ছা অনুসৰি বিহাৰৰ পৈত্তিক গাঁৱতে তেওঁৰ শেষ কৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছে পৰিয়ালৰ লোকে ৷

Exit mobile version