Bjp President Jp Nadda Gets Extension:বিজেপিৰ সভাপতি জে পি নাড্ডাৰ দায়িত্ব সম্প্ৰসাৰণ

২০২৪ ৰ জুনলৈ সভাপতি পদত থাকিব নাড্ডা

WhatsApp Image 2023 01 17 at 8.56.25 PM

Bjp President Jp Nadda Gets Extension:

বিজেপিৰ মুৰব্বী জগত প্ৰকাশ নাড্ডা অহা বছৰৰ জুনলৈকে দলটোৰ মুৰব্বী হৈ থাকিব ৷ দলটোৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে ।

উল্লেখ্য যে ২০২০ত অমিত শ্বাহৰ পৰা দলৰ শীৰ্ষ পদত অধিস্থিত হোৱা নাড্ডাৰ কাৰ্যকাল চলিতবৰ্ষৰ জানুৱাৰীত শেষ হোৱাৰ কথা আছিল।

মনকৰিবলগীয়া যে,এই বছৰত নখন ৰাজ্যিক নিৰ্বাচন আৰু ২০২৪ চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। যোৱাকালিৰ পৰা নতুন দিল্লীৰ বিজেপিৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় দিনাৰ বৈঠকৰ পাছতে গৃহমন্ত্ৰীয় এক সংবাদমেলত সদৰি কৰে যে, “বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল ২০২৪ চনৰ জুনলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় ৷

দলে নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি সভাপতি নাড্ডাৰ অধীনত দলটোৱে ২০১৯ তকৈ এক বৃহৎ জনাদেশৰ সৈতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হ’ব।

শ্বাহে উল্লেখ কৰে যে বিজেপিয়ে নাড্ডাৰ নেতৃত্বতে ইতিমধ্যে কেইবা খনো ৰাজ্যৰ নিৰ্বাচনত জয়লাভ কৰিছিল ৷ এনে প্ৰেক্ষাপটত আগন্তুক ২০২৪ চনত ২০১৯ তকৈ ডাঙৰ জনাদেশ পাবলৈ সক্ষম হ’ব। আনকি কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিৰ সময়ছোৱাত নাড্ডাই অতি তৎপৰতাৰে দলটোৰ সাংগাঠনিক ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে শ্বাহে ৷

স্মতৰ্ৱ্য যে বিজেপিৰ সংবিধান অনুসৰি দলৰ এজন সভাপতিয়ে একেৰাহে তিনি বছৰৰ দুটা কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিব পাৰে ৷। লগতে এই ব্যৱস্থাও আছে যে কমেও ৫০ শতাংশ ৰাজ্যিক গোটৰ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে।

সোমবাৰৰ বিজেপিৰ ৰাষ্ট্ৰীয় বৈঠকৰ পাছত নাড্ডাই উল্লেখ কৰিছিল যে দলৰ নেতাসকলে এই বছৰত অনুষ্ঠিত হ’বলগীয়া সকলো নখন ৰাজ্যিক বিধানসভা নিৰ্বাচনত বিজয় নিশ্চিত কৰিবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগিব।

আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে আজি সন্ধিয়া কাৰ্যনিৰ্বাহকৰ বৈঠকৰ সামৰণি অধিৱেশনত দলটোৰ বাবে ৰাজনৈতিক ৰোড মেপৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে ৷

দুয়োদিনৰ গুৰুত্বপূৰ্ণ বৈঠকত দলটোৰ জ্যেষ্ঠ নেতৃবৰ্গ, কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী,দলীয় সাংসদৰ লগতে সমগ্ৰ দেশৰ প্ৰায় ৩৫০ জন নেতা উপস্থিত থাকে । বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাও ৷

Exit mobile version