Apcc Delimitation of Constituencies : ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ জৰুৰী বৈঠক

WhatsApp Image 2023 01 18 at 5.08.30 PM

Apcc Delimitation of Constituencies :

অসমত বিধানসভা সমষ্টি নিৰ্ধাৰণক লৈ ব্যাপক চৰ্চা অব্যাহত আছে ৷ সমান সংখ্যক আসনৰে ৰাজ্যৰ বিধানসভা আৰু লোকসভাত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত ইতিমধ্যে প্ৰকাশ পাইছে প্ৰতিবেদন ৷

উল্লেখ্য যে,২০২৬ ত সমগ্ৰ দেশতে বৰ্ধিত আসনক লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব ৷ এনে প্ৰেক্ষাপটত উল্লিখিত বিষয়ক লৈ শাসক- বিৰোধীৰ মাজত আৰম্ভ হৈছে নানান চৰ্চা আৰু প্ৰতিক্ৰিয়া

ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে সমষ্টি নিৰ্ধাৰণ বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ ইতিমধ্যে বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনৰ অধ্যক্ষতাত গঠন কৰি দিয়ে এখন পৰ্যালোচনা কমিটি ৷

বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰধান কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কমিটিৰ দ্বিতীয় খন গুৰুত্বপূৰ্ণ বৈঠক ৷ সভাই সৰ্বসন্মতি ক্ৰমে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ৷

সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,এ পি চি চিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ,জ্যেষ্ঠ বিধায়কদ্বয় ভৰত চন্দ্ৰ নৰহ,বসন্ত দাস,প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন,প্ৰাক্তন বিধায়ক মতিউৰ ৰহমান মণ্ডল সহ বিভিন্ন জিলাৰ দলীয় সভাপতি সকল উপস্থিত থাকে ৷

Exit mobile version