Congress-Bjp Supporter Clash In Tripua:নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত ত্ৰিপুৰাত হিংসাত্মক ঘটনা

কংগ্ৰেছ- বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট,আহত জ্যেষ্ঠ কংগ্ৰেছী ড:অজয় কুমাৰ

WhatsApp Image 2023 01 18 at 9.01.05 PM

Congress- Bjp Supporter Clash In Tripua:

নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছতে ত্ৰিপুৰাত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট ৷ বুধবাৰে বিয়লী ভাগত ত্ৰিপুৰাৰ মজলিশপুৰত সংঘটিত হিংসাত্মক ঘটনাত কে’বাজনো কংগ্ৰেছ কৰ্মী আহত হয় ৷

উল্লেখ্য য়ে নতুন দিল্লীত দেশৰ নিৰ্বাচন আয়োগে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ মাত্ৰ আধা ঘণ্টাৰ পাছত সংঘৰ্ষটো সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা ।

ৰাজ্য খনৰ মজলিশপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাণীৰবজাৰ মোহনপুৰত সংঘটিত সংঘৰ্ষত কংগ্ৰেছ নেতা ড০ অজয় কুমাৰ গুৰুত্বৰভাৱে আহত হয়।

আনহাতে এই হিংসাত্মক ঘটনা সন্দৰ্ভত কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মনে দাবী কৰিছিল যে আহত দলৰ কেইবাজনো কৰ্মী এতিয়াও ৰাণী জাৰ আৰক্ষী থানাত আছে আৰু লগতে কয় যে অঞ্চলটোত বৃহৎ সংখ্যক বিজেপি কৰ্মীৰ উপস্থিতিৰ বাবে তেওঁলোকক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হোৱা নাই।

বিধায়ক জনে আৰু কয় যে,এজন মন্ত্ৰীয়ে বিৰোধীৰ ওপৰত আক্ৰমণৰ নেতৃত্ব দিছিল৷ আজি ঘটনাটোৰ সংঘটিত হোৱা মজলিশপুৰ সমষ্টিকে ধৰি পাঁচটা সমষ্টিত নিৰ্বাচন আয়োগে পৃথকে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায় বিধায়ক সুদীপ ৰয়ে ৷

স্মতৰ্ৱ্য যে , নিৰ্বাচন আয়োগে আজি ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে ৷সেই অনুসৰি ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে আৰু ভোটগণনা হ’ব ২ মাৰ্চত অনুষ্ঠিত। ত্ৰিপুৰাৰ বিধানসভাৰ কাৰ্যকাল চলিতবৰ্ষৰ ২২ মাৰ্চত অন্ত পৰিব ৷

মনকৰিবলগীয়া যে ,ত্ৰিপুৰা ৬০ জনীয়া বিধানসভাত বিজেপি-খিলঞ্জীয়া পিপলছ ফ্ৰণ্ট অফ ত্ৰিপুৰা (আইপিএফটি) মিত্ৰজোঁটে ২০১৮ ৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত জয়লাভ কৰি সদনৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ৰাজ্যখনত ২৫ বছৰ ধৰি চলি থকা বাওঁ পন্থী শাসনৰ সমাপ্তি ঘটায়।

৬০ খন আসনৰ ভিতৰত বিজেপিয়ে ৩৫খন, ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (মাৰ্ক্সবাদী) ১৬খন, আইপিএফটিয়ে ৮খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখন আসনতে সীমাবদ্ধ থাকে।

ত্ৰিপুৰাত এইবাৰ ৰাজ্যজুৰি ৩,৩২৮ টা ভোটকেন্দ্ৰ থাকিব।

Exit mobile version