Ukraine’s Helicopter Crash : সংঘৰ্ষ জৰ্জৰিত ইউক্ৰেইনত ভয়াৱহ বিমান দুৰ্ঘটনা

দেশৰ গৃহমন্ত্ৰী সহ ১৬ জন নিহত

1674037224 kyiv

Ukraine’s Helicopter Crash :

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা যুদ্ধৰ মাজতে বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা । সংঘৰ্ষ জৰ্জৰিত দেশখনত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাটোত ইউক্ৰেইনৰ গৃহমন্ত্ৰী সহ নিহত হয় ১৬ জন লোক ৷ দুৰ্ঘটনাটোত নিহত হয় তিনিটা শিশুও ৷

আনহাতে শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাটোত আহত হয় বহু লোক৷ প্ৰাপ্ত খবৰ অনুসৰি হেলিকপ্টাৰখন ইউক্ৰেইনৰ ৰাজধানী ক্ৰিয়েভৰ সমীপৰ ব্ৰোভেৰী চহৰৰ মাজমজিয়াৰ এখন কিণ্ডাৰগাৰ্টেনত হঠাতে বিধ্বস্ত হৈ পলকতে ভস্মীভূত হয় এখন হেলিকপ্টাৰ ৷

দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ খনত আৰোহী হিচাপে আছিল ইউক্ৰেইনৰ গৃহমন্ত্ৰী ডেনিছ মোনাষ্টিৰস্কি৷ উল্লেখ্য যে ,গৃহমন্ত্ৰী নিহত ডেনিছক ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে গৃহমন্ত্ৰী হিচাপে নিযুক্ত কৰিছিল।

ইপিনে ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে আৰক্ষী ,বিমান বাহিনীৰ লোক সহ উদ্ধাৰকাৰী দল উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে ৷ ১০ টি শিশু সহ ২২ গুৰুত্বভাৱে আহত লোকক ততাতৈয়াকৈ ব্ৰোভেৰী চহৰৰ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

সন্দেহ কৰা মতে ডাঠ কুঁৱলীৰ বাবে ‘ইউৰোকপ্টাৰ ইচি ২২৫ চুপাৰ পুমা’ নামৰ হেলিকপ্তাৰখন জৰুৰী অৱতৰণৰ বাবে চেষ্টা কৰিবলৈ গৈ মাজ আকাশতে নিয়ন্ত্ৰণহীন হৈ ভূপতিত হয় ৷

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ সদৰি কৰাৰ পৰা ইউক্ৰেইন বায়ু সেনাই যদিও বিৰত আছে৷তথাপিও অসমৰ্থিত সূত্ৰ এটাই প্ৰকাশ কৰা মতে ৰাছিয়াৰ দ্বাৰাই সংঘটিত হয় এই দুৰ্ঘটনা ৷

উল্লেখ্য যে ,এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে ইউক্ৰেইনৰ দক্ষিণ-পূবাঞ্চলৰ এটা আৱাসিক ভৱনত ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত হৈছিল পাঁচটা শিশুসহ মুঠ ৪৪ জন লোক ৷

Exit mobile version