Noted Poet Nilamoni Phookan Passes Away : জ্ঞানপীঠ বঁটা বিজয়ী যশস্বী কবি নীলমণি ফুকনৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ,

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্নৰ নিৰ্দেশ প্ৰশাসনক

download 1 2

Noted Poet Nilamoni Phookan Passes Away :

জ্ঞানপীঠ বঁটা বিজয়ী যশস্বী কবি নীলমণি ফুকনৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ ৷ এক শোক বাৰ্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,সাহিত্য সৃষ্টিৰে অসমৰ সমাজ জীৱনক যিসকল মহাত্মাই ধন্য কৰি গৈছে তাৰে অন্যতম উজ্জ্বল নক্ষত্ৰ আছিল কাব্যঋষি নীলমণি ফুকন ৷

অসাধাৰণ কাব্যশিল্পৰ জৰিয়তে বিশিষ্ট কবি গৰাকীয়ে অসমীয়া সাহিত্যৰ জগতলৈ যি অনন্য অৱদান আগবঢ়াই গৈছে সেয়া চিৰস্মৰণীয় হৈ থাকিব ৷

জ্ঞানপীঠ বঁটাৰে বিভূষিত ফুকন অসমীয়া কবিতা-ভাষা-সাহিত্যৰ বৰপেৰা চহকী কৰাৰ লগতে সৃষ্টিশীলতাৰ অনন্য পৰিভাষা জাতিটোলৈ আগবঢ়াই গ’ল।

তেখেতৰ বিয়োগ অসম আৰু অসমীয়া জাতিসত্তাৰ বাবে কাহানিও পূৰণ কৰিব নোৱাৰা ক্ষতি ৷ বিশিষ্ট কবি গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ ৷বিশিষ্ট কবি নীলমণি ফুকনৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে

 

কাব্যঋষি নীলমণি ফুকনৰ প্ৰয়াণত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অসমীয়া কাব্যৰ মহীৰূহ নীলমণি ফুকনৰ মহাপ্ৰয়াণত শোক প্ৰকাশ সৰ্বানন্দ সোনোৱালৰ৷ এই শোকৰ মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “যিগৰাকী ঋষিতুল্য ব্যক্তিৰ অনন্য পৰশত সাৰুৱা হৈ উঠিছিল অসমীয়া কাব্য সাহিত্যৰ পথাৰ, যাৰ আন্তৰিকতাপূৰ্ণ সান্নিধ্যই প্ৰফুল্লিত কৰিছিল আমাৰ মন-প্ৰাণ, তেখেত আজি আমাৰ মাজৰপৰা কায়িকভাৱে আঁতৰি যোৱাত শোকস্তব্ধ হৈ পৰিছোঁ।

শ্ৰদ্ধাৰ নীলমণি ফুকন- অসমীয়াৰ হৃদয়ে হৃদয়ে গুঞ্জৰিত এটি ব্যক্তিসত্তা। জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষিগৰাকীৰ প্ৰয়াণ অসমীয়া তথা ভাৰতীয় সাহিত্য জগতৰ বাবে প্ৰকৃতাৰ্থতে এক অপূৰণীয় ক্ষতি।

ফুকনৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

আনহাতে কাব্যৠষি নিলমণি ফুকনৰ মহা প্ৰয়াণত শিক্ষামন্ত্ৰীৰ ডাঃ ৰণোজ পেগুৰ শোকপ্ৰকাশ ৷এক বাৰ্তাত মন্ত্ৰী গৰাকীয়ে কয়,অসমীয়া কাব্য সাহিত্যলৈ হিমালয় সদৃশ অৱদান আগবঢ়াই গৈছে কাব্যঋষিয়ে চিৰ সূৰ্য্য ,চিৰ নমস্য হৈ চিৰ স্মৰণীয় হৈ থাকিব কবি ৷

কবি,শিক্ষাবিদ নীলমণি ফুকনৰ বিযোগত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তয়ো গভীৰ শোক প্ৰকাশ কৰিছে ।

Exit mobile version