Parikhit Dutta:ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত খেলৰ বাবে পৰ্যবেক্ষক ৰূপে নিযুক্তি

ক্ৰীড়া সংগঠক পৰীক্ষিত দত্তক

WhatsApp Image 2023 01 20 at 4.24.31 PM

Parikhit Dutta:

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ৰাঁচীত অহা ২৭ জানুৱাৰীত অনুষ্ঠিত হʼবলগীয়া টি- টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ বাবে বি চি চি আইৰ পৰ্যবেক্ষক হিচাপে অসমৰ যুৱ ক্ৰীড়া সংগঠক তথা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰীক্ষিত দত্তক নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে, পৰীক্ষিত দত্তই অসম ক্ৰিকেট সন্থাৰ দুটা কাৰ্যকালৰ বাবে উপ-সভাপতিৰ দায়িত্ব দক্ষতাৰে পালন কৰাৰ উপৰিও বিগত সময়চোৱাত অসমত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলসমূহ সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।

বৰ্তমান তেওঁ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতিৰ দায়িত্বত আছে।

Exit mobile version