Pramod Talukdar Memorial Old age home :
মৰমিয়াল হাঁহি আৰু ৰসভৰা মাতটোৰ বাবেই সকলোৰে আপোন হৈ পৰা মৰমৰ ‘কলিজা আইতা’ সম্প্ৰতি গুৰুত্বভাৱে অসুস্থ ৷
মহানগৰীৰ পাশ্বৰ্ৱতী সোনাপুৰস্থ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা সুভদ্ৰা দেৱী সকলোৰে বাবে ‘কলিজা আইতা’ বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰিছে ।
মুখত অনবৰতে মৰমসনা হাঁহি লৈ ফুৰা ১০৮ বছৰ গৰকা কলিজা আইতা যোৱা নিশা হঠাতে অসুস্থ হৈ পৰে৷ আইতাক তদাৰক কৰি অহা উৎপল হৰ্ষবৰ্ধনে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবেই নিশাই আই চি ইউলৈ স্থানান্তৰিত কৰে ৷
ইতিমধ্যে আইতাই পাৰ কৰিলে জীৱনৰ ১০৭তাকৈ বছৰ। আইতাৰ শীৰ্ঘে সুস্থ হোৱাৰ কামনাৰে ৰাজ্যৰ হাজাৰ হাজাৰ অনুৰাগীয়ে এতিয়া কৰিছে প্ৰাৰ্থনা৷