Rishi Sunak : গাড়ীত ছিটবেল্ট পৰিধান নকৰি জৰিমনা ভৰিলে খোদ ব্ৰিটেইনৰ প্ৰধামন্ত্ৰী ছুনাকে

5ac3fpk rishi sunak afp

Rishi Sunak :

আশংকা আছিল । তাতেই পৰিল ছিলমোহৰ । প্ৰধামন্ত্ৰী হৈও ৰেহাই নাপালে ঋষি ছুনাকে । ছিটবেল্ট অবিহনে গাড়ী চলোৱাৰ বাবে জৰিমনাৰ সম্মুখীন হ’ল মন্ত্ৰীগৰাকী ।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাতে লাগিল হুলস্থুল । য’ত দেখা গৈছে প্ৰধানমন্ত্ৰী ঋষি ছুনাকে বৃহস্পতিবাৰে এখন গাড়ীত লণ্ডনৰ পৰা লেঙ্কাছায়াৰলৈ যাত্ৰা কৰি আছিল।

লগত থকা প্ৰশাসনিক বিষয়াৰ স’তে তেওঁৰ চৰকাৰৰ নীতিৰ বিষয়ে আলোচনা কৰি আছিল। ব্লেজাৰ-টাই পৰিহিত প্ৰধানমন্ত্ৰীয়ে গাড়ী চিলাইছে ছিটবেল্ট অবিহনে

ইংলেণ্ডত (UK) যাক অপৰাধ বুলি গণ্য কৰা হয়। এই ক্ষেত্ৰত, সৰ্বাধিক ৫০০ পাউণ্ডলৈকে জৰিমনা আৰোপ কৰা হয়। এতিয়া শাসকে নিজেই নিজৰ নিয়ম ভংগ কৰি জৰিমনা পৰিশোধ কৰিব লাগিব! তথ্য অনুসৰি তেওঁক ১০০ পাউণ্ড জৰিমনা বিহা হৈছিল। ভাৰতীয় মুদ্ৰাত, যাৰ আনুমানিক মূল্য ১০ হেজাৰ টকা ।

কিছু ছেকেণ্ডৰ ভিডিঅ’টোত ঋষি ছুনাক ছিটবেল্ট বিহীন দেখি আৰম্ভ হৈছে সমালোচনা। আৰক্ষীও আগবাঢ়ি আহে। ক্ষমা বিচাৰে প্ৰধানমন্ত্ৰী খোদ।

কিন্তু তাতেই ৰেহাই নাপালে । এই ক্ষেত্ৰত প্ৰমাণিত হ’ল ব্ৰিটিছ ভূমিত সকলোৰে বাবে সমান নিয়ম । লেঙ্কাছায়াৰ আৰক্ষীয়ে কয় যে এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ।

তাৰ পৰা, এজন ৪২ বছৰীয়া এজন ব্যক্তিক ছিটবেল্ট পৰিধান নকৰাকৈ চলন্ত গাড়ীত দেখা যায় । যাৰবাবে তেওঁক জৰিমনা বিহা হয়।

আৰু সেই ঘটনাৰ পাছতে ছিটবেল্ট নপিন্ধাৰ বাবে ছুনাকক সমালোচনা কৰা হয় । বিৰোধী লেবাৰ পাৰ্টিৰ এঞ্জেলা ৰেনাৰে কয়, “এয়া স্পষ্ট যে ঋষি ছুনাকৰ ব্যক্তিগত জেটত ভ্ৰমণ কৰাৰ অভ্যাস আছে। ইয়াৰ প্ৰত্যুত্তৰত ডাউনিং ষ্ট্ৰীটৰ এজন মুখপাত্ৰই কয়, “প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ ভ্ৰমণ কৰে। তেওঁ কম সময়ৰ ভিতৰতে সেই ঠাইবোৰত উপস্থিত হ’ব লাগে। বহুপ্ৰকাৰৰ পৰিবহন আছে। মুখপাত্ৰজনে এইটোও জনাই যে প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰিছিল যে তেওঁ ভুল কৰিছিল আৰু ক্ষমাও বিচাৰিছিল। “

তেওঁ চলন্ত গাড়ী এখনত কিছু সময়ৰ বাবে ছিটবেল্ট খুলিছিল। আপুনি চাই থকা ভিডিঅ’টো সেই সময়ৰ। এইবাৰ সুনককো ঘটনাটোৰ বাবে শাস্তি দিয়া হৈছিল।

Exit mobile version