Twin Blast In Jammu:ধাৰাবাহিক বোমা বিস্ফোৰণত কপি উঠিল জম্মু

গুৰুত্বৰভাৱে আহত সাত

WhatsApp Image 2023 01 21 at 4.43.02 PM

Twin Blast In Jammu:

ভয়াৱহ শীতৰ লহৰ অব্যাহত থকাৰ মাজতে শনিবাৰে জম্মুৰ নৰৱাল অঞ্চলত সংঘটিত দুটাকৈ ভয়ংকৰ বিস্ফোৰণত সাতজনকৈ লোক গুৰুত্বভাৱে আহত হোৱাৰ খবৰ জানিব পৰা গৈছে ৷

উল্লেখ্য যে আধাঘণ্টাৰ ব্যৱধানত নৰৱালৰ দুটা ভিন্ন স্থানত সংঘটিত ভয়ংকৰ বিস্ফোৰণত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

নৰৱাল আৰক্ষীয়ে সদৰি কৰা মতে প্ৰথমটো বিস্ফোৰণ সংঘটিত হয় পুৱা ১১ বজাত ৷ এই বিস্ফোৰণত আহত হয় পাঁচজনকৈ লোক ৷ আনহাতে আধাঘণ্টাৰ পাছত পুনৰ সংঘটিত হয় আন এক বিস্ফোৰণ ৷

এই বিস্ফোৰণতো আহত হয় দুজনকৈ লোক ৷ ধাৰাবাহিক বোমা বিস্ফোৰণৰ পাছতে ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী বিষয়া সহ বৃহৎ আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ততাতৈয়াকৈ অঞ্চলটো নিৰাপত্তাৰ খাতিৰত খালী কৰি দিয়ে ৷

একেদৰে সমগ্ৰ অঞ্চলটো ছীল কৰি দিয়াৰ লগতে যানবাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে অঞ্চলটোৰ চুকেকোণে তন্নতন্নকৈ তালাচী অব্যাহত ৰাখিছে ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে  সন্ত্ৰাসবাদীয়ে দুয়োটা বিস্ফোৰণত ক্ৰমে মহিন্দ্ৰা বলেৰ’ আৰু চেভ্ৰন ক্ৰুজ ব্যৱহাৰ কৰিছিল ৷ ভয়ংকৰ বিস্ফোৰণত দুয়োখন বাহন সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷

Exit mobile version