Delhi Murder : শ্ৰদ্ধাক কিয় ” কৰিলে আফতাবে ? ছয় হেজাৰতকৈও অধিক অভিযোগনামাত কাৰণ জনালে দিল্লী আৰক্ষীয়ে

WhatsApp Image 2023 01 24 at 8.45.08 PM

Delhi Murder :

শ্ৰদ্ধা ৱালকাৰক কি কাৰণে হত্যা কৰিছে তেওঁৰ প্ৰেমিক আফতাব আমিন পুনাৱালাই ? আফতাবৰ বিৰুদ্ধে ছয় হেজাৰৰ অধিক পৃষ্ঠাৰ অভিযোগ পত্ৰত, “সেই কাৰণ” জনাইছে দিল্লী আৰক্ষীয়ে।

তেওঁলোকৰ দাবী, ১৮ মে’ত ঘটনাটোৰ দিনা এজন বন্ধুক লগ কৰিবলৈ গৈছিল শ্ৰদ্ধা। যি মানি ল’ব নোৱাৰিলে অভিযুক্ত আফতাবে । সেইকাৰণে তেওঁ হত্যা কৰিলে শ্ৰদ্ধাক।

দিল্লী আৰক্ষীৰ অনুসন্ধানকাৰীসকলে প্ৰথমতে শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাবৰ বিৰুদ্ধে তিনি হেজাৰ পৃষ্ঠাৰ খচৰা অভিযোগপত্ৰ প্ৰস্তুত কৰিছিল।

অৱশ্যে, চূড়ান্ত অভিযোগপত্ৰ খন ৬,৬২৯ পৃষ্ঠালৈ বৃদ্ধি হৈছে। যুটীয়া আৰক্ষী আয়ুক্ত মিনু চৌধুৰীয়ে কয়,” এজন পুৰণা বন্ধুক লগ কৰিবলৈ গৈছিল শ্ৰদ্ধা । তাক লৈ অসন্তুষ্ট আছিল অভিযুক্ত আফতাব।

যেতিয়া শ্ৰদ্ধা ফ্লেটলৈ ঘূৰি আহে , তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি হয় । ইয়াৰ পাছত সেই নিশাই শ্ৰদ্ধাক হত্যা কৰে আফতাবে । ”

শ্ৰদ্ধা আৰু আফতাব দিল্লীৰ মেহৰৌলি অঞ্চলৰ ছত্ৰপুৰৰ এটা ভাড়াঘৰত একেলগে বাস কৰি আছিল। অভিযোগ কৰা হৈছে যে তেওঁ শ্ৰদ্ধাক একেটা ফ্লেটতে শ্বাসৰুদ্ধ কৰি হত্যা কৰে ।

তাৰ পাছত কিছুদিনৰ বাবে, শ্ৰদ্ধাৰ শৰীৰটো ৰাসায়নিক পদাৰ্থ দি ৩৫ টুকুৰাত ধুই ৰেফ্ৰিজেৰেটৰত ভৰাই থৈছিল ।অনুসন্ধানকাৰীসকলে দাবী কৰিছে যে আফতাবে শ্ৰদ্ধাৰ শৰীৰৰ পচন প্ৰতিহত কৰিবলৈ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিছিল। যাৰবাবে তেওঁ আনকি এটা ডাঙৰ ফ্ৰিজও কিনিছিল।

দিল্লী আৰক্ষীয়ে জনাই যে শ্ৰদ্ধাৰ হত্যাৰ তদন্তৰ বাবে নটা দল গঠন কৰা হৈছিল। অনুসন্ধানকাৰীসকলে প্ৰমাণ সংগ্ৰহ কৰিবলৈ হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু হিমাচল প্ৰদেশলৈও গৈছে।

চৌধুৰীয়ে কয়, “শ্ৰদ্ধাৰ শৰীৰৰ অংগ সংগ্ৰহ কৰাত যথেষ্ট সময় অতিবাহিত হৈছে। আমি প্ৰমাণ বিশ্লেষণ কৰিবলৈ বিভিন্ন প্ৰযুক্তিৰ সহায় লৈছো।

অনুসন্ধানকাৰীসকলে এই অনুসন্ধানত মুঠ ১৫০ জন লোকৰ বিবৃতি লিপিবদ্ধ কৰিছে । অভিযোগ পত্ৰখনত, অনুসন্ধানকাৰীসকলে দাবী কৰিছে যে আফতাবে শ্ৰদ্ধাৰ শৰীৰটো কাটিবলৈ মাংস কটাৰ বিভিন্ন সঁজুলিসহ পাঁচ প্ৰকাৰতকৈও অধিক চুৰি ব্যৱহাৰ কৰিছিল।

Exit mobile version