Tourist places : দেশত বিগত বৰ্ষত পৰ্যটকৰ প্ৰথম পছন্দ আছিল হিমাচল, ডেৰ কোটি পৰ্যটকৰ ভ্ৰমণ

Tourist Places in Himachal Pradesh

Tourist places :

হিমাচল প্রদেশ আকৌ এবাৰ ভাৰতৰ পৰ্যটকৰ সবাতোকৈ পছন্দ ৰাজ্যত পৰিণত হ’ল। পৰ্যটনৰ দিশৰ পৰা ২০২২ বৰ্ষটো ৰাজ্যখনৰ বাবে যথেষ্ট লাভজনক আছিল।

প্রকাশিত তথ্য অনুসৰি, ২০২২ বৰ্ষত মুঠ এক কোটি ৬০ লাখ পর্যটকে ভ্ৰমণ কৰিলে হিমাচল প্রদেশ। কৰ’না কালৰ পাছত প্ৰথম বাৰৰ বাবে ৰাজ্যখনৰ পৰ্যটন বিভাগে ভাল ব্যৱসায় কৰিবলৈ সফল হ’ল।

উল্লেখ্য যে ২০২১ বৰ্ষত ৫৭ লাখ আৰু ২০২০ বৰ্ষত মাত্র ৩০ লাখ পর্যটকে এই পাহাৰীয়া ৰাজ্যখন ভ্ৰমণ কৰিছিল। ক’ভিডৰ সংক্ৰমণ হ্ৰাসৰ পাছত ২০২২ বৰ্ষত পুনৰ সৰ্বাধিক সংখ্যক পর্যটকে ভিৰ কৰিলে হিমাচল প্ৰদেশত।

বিশেষকৈ ৰাজ্যখনৰ মনালী, লাহৌল, স্প্রীতি, কাজা, ছিমলা, খজিয়াৰ, মেকল’ডগঞ্জত যথেষ্ট সংখ্যক পর্যটক বিগত বৰ্ষত উপস্থিত হৈছিল।

পৰ্যটকৰ ভিৰৰ ফলত হিমাচলত যোৱা বৰ্ষত হোটেল ব্যৱসায়েও পুনৰ প্ৰাণ লাভ কৰিলে।আগন্তুক দুমাহতো ৰাজ্যখনলৈ নতুন পৰ্যটকৰ আগমনৰ যথেষ্ট সম্ভাৱনা আছে।

Exit mobile version