In Flight Alcohol Policy : প্ৰস্ৰাৱ কাণ্ডৰ পাছত সতৰ্ক এয়াৰ ইণ্ডিয়া, বিমানত সুৰাপান সংক্ৰান্ত নীতি সলনি কৰাৰ সিদ্ধান্ত

1674648359 flight

In Flight Alcohol Policy :

বিমানত প্ৰস্ৰাৱ কাণ্ডক লৈ যি সময়ত চাৰিওফালে ইমান হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে ঠিক সেই মূহুৰ্ততে বিমানত সুৰাপান সংক্ৰান্ত নীতিৰ ওপৰত লক্ষ্য ৰাখিছে বিমান সংস্থা এয়াৰ ইণ্ডিয়াই ।

মঙলবাৰে, বিমান সংস্থাৰ তৰফৰ পৰা জনাইছে যে, স্বচ্ছতা বজাই ৰাখিবলৈ নীতিটোত কিছু পৰিৱৰ্তন কৰিব লাগিব। এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কেম্পবেল উইলচনে জনাইছে যে বিমানখনৰ ভিতৰত সুৰা পৰিৱেশন কৰাৰ কিছুমান ৰীতি আছে। ইয়াক পুনৰ চোৱাটো প্ৰয়োজনীয়।

কিন্তু কেম্পবেলে এই সন্দৰ্ভত আৰু অধিক বৰ্ণনা কৰা নাছিল। এয়াৰ ইণ্ডিয়াৰ এজন মুখপাত্ৰই মঙলবাৰে এক বিবৃতি জাৰি কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰীয় ৰেষ্টুৰেণ্ট সংস্থাই নিৰ্দেশনা অনুসৰণ কৰি আভ্যন্তৰীণ নীতি পুনৰ পৰীক্ষা কৰিব। মুখপাত্ৰজনে কয় যে যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্দেশনাৱলীত কোৱা হৈছে যে কেৱল এয়াৰলাইনৰ কৰ্মচাৰীয়েহে যাত্ৰীসকলক সুৰা পৰিৱেশন কৰিব পৰিব।

এয়াৰলাইনৰ কৰ্মচাৰীক অৱগত নকৰাকৈ কোনো যাত্ৰীয়ে সুৰাপান কৰিছে নেকি সেয়াও চকু দিব লাগিব ।মঙলবাৰে, অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) এয়াৰ ইণ্ডিয়াক জৰিমনা বিহা হয়।

Exit mobile version