Meghalaya : নিৰ্বাচনৰ ঠিক পুৰ্বেই মেঘালয়ত উদ্ধাৰ প্ৰায় ন লাখ টকা !

images 9

Meghalaya :

চলিত বৰ্ষতে দেশৰ নখন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। মেঘালয় তাৰ ভিতৰত অন্যতম । মাজত মাথো এটা মাহ । এই পৰিস্থিতিত শুকুৰবাৰে ৰাজ্যখনৰ পশ্চিম গাৰো অঞ্চলৰ পৰা প্ৰায় ন লাখ টকা নগদ আৰু সুৰা উদ্ধাৰ হৈছে ।

আগন্তুক ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ৬০ জনীয়া মেঘালয় বিধানসভাৰ নিৰ্বাচন । এই পৰিস্থিতিত, ৰাজ্যখনত বলবৎ হৈছে নিৰ্বাচনী আচৰণবিধি । আৰু আৰম্ভ হোৱাৰ আগতেই এই ঘটনা সংঘটিত হয় ।

এই সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত খাৰকংগোৰে কয়, “পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা ৮.৯৬ লাখ টকা আৰু আঠ হেজাৰ টকাৰ সুৰা জব্দ কৰা হৈছে।”

তেওঁ এইটোও দাবী কৰে যে নিয়মবোৰ কাৰ্যকৰী হোৱাৰ পাছৰে পৰা মেঘালয়ত ২৯ লাখ টকা জব্দ কৰা হৈছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, এজন ব্যক্তিৰ পৰা ধন আৰু সুৰা উদ্ধাৰ কৰা হৈছে। তেওঁ অসমৰ পৰা গাড়ীৰে মেঘালয়লৈ আহি আছিল। গ্ৰেপ্তাৰ হোৱাৰ পাছত, সেই ধন আৰু সুৰাৰ সম্পৰ্কীয় কোনো বৈধ নথি দেখুৱাব পৰা নাই ।

কমেও ৩৪ টা বিধানসভা সমষ্টিত এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। গতিকে ফ্লাইং স্কোয়াড নিযুক্তি কৰা হৈছে। তেওঁলোকে সকলো ঠাইতে পৰিস্থিতিটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বুলি কোৱা হৈছে।

উল্লেখ্য যে ,ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত বছৰটোৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হয় । কিছুদিনৰ আগতে, কেন্দ্ৰীয় নিৰ্বাচন আয়োগে একেলগে তিনিখন ৰাজ্যত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে ।

তেতিয়াৰ পৰাই, তাত নিৰ্বাচনৰ নিয়মবোৰ কাৰ্যকৰী কৰা হৈছে। মেঘালয়ত নিৰ্বাচন ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব আৰু ফলাফলসমূহ দুই মাৰ্চত প্ৰকাশ কৰা হ’ব। তিনিওখন ৰাজ্যতে কেন্দ্ৰীয় বাহিনীৰ স’তে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

Exit mobile version