Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

WhatsApp Image 2023 02 03 at 5.15.54 PM

Dgp Pressmeet :

বাল্য বিবাহ কৰোৱা লোক সকলৰ বিৰুদ্ধে যোৱা নিশাৰে পৰা ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান সন্দৰ্ভত আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সম্বোধন কৰে এক সংবাদমেল

সংবাদমেলত ডি জি পি গৰাকীয়ে কয়, মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পিছতেই আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশাৰে পৰা জিলাই জিলাই বাল্য বিবাহ কৰোৱা অবৈধ স্বামীৰ বিৰুদ্ধে আৰম্ভ কৰে মাৰাথন অভিযান

৷ যোৱা দুদিনত আটক হৈছে ২০৪৪ জন বাল্য বিবাহ কৰোৱা লোকক । একেদৰে দুদিনত ৰজু কৰা হৈছে ৪০৭৭ টা গোচৰ ৷

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি লোৱাৰ পাছতেই আৰক্ষী তৎপৰ হৈ পৰে বুলি উল্লেখ
কৰে অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে ৷

এই গোচৰত পঞ্জীভূক্ত কোনো এজন লোকক কোনো ক্ষেত্ৰত ৰেহাই নিদিয়াৰ হুংকাৰ দিয়ে ডিজিপি গৰাকীয়ে ৷ সকলো অবৈধ স্বামী আটক নোহোৱালৈকে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে জি পি সিঙে ৷

Exit mobile version