G20 Delegates At Pobitora Sanctuary :জি ২০ সন্মিলনৰ প্ৰতিনিধি দলৰ পবিতৰা অভয়াৰণ্য চফৰ

WhatsApp Image 2023 02 04 at 1.42.59 PM

G20 Delegates At Pobitora Sanctuary :

ভাৰতৰ অধ্যক্ষতাত আৰম্ভ হোৱা জি 20 সন্মিলনৰ কেইবাখনো প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত হৈছে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত ৷

এই বৈঠকত অংশগ্ৰহণ কৰা জি২০ ৰাষ্ট্ৰ সমূহৰ ৩১ জনীয়া প্ৰতিনিধি দল এটাই আজি পুৱাই উপস্থিত হয় পবিতৰা অভয়াৰণ্যত

পবিতৰা অভয়াৰণ্যত উপস্থিত হৈয়ে দলটোৱে অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰে ৷ এশিঙিয়া গড়,পৰিভ্ৰমী চৰাই আৰু বনৰীয়া ম’হ প্ৰত্যক্ষ কৰিবলৈ প্ৰতিনিধি দলটোৱে জীপ চাফাৰী কৰে ৷

উল্লেখ্য যে, বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি বৰ্গক মৰিগাঁও জিলা প্ৰশাসনৰ পৰা আদৰণি জনোৱাৰ লগতে স্বয়ং উপায়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিনিধি সকলক অভিনন্দন জনায় ।

প্ৰাপ্ত খৱৰ অনুসৰি প্ৰতিনিধি দলটো পবিতৰাত এৰাতি বাহৰ পাতিব ৷

Exit mobile version