G20 Delegates At Pobitora Sanctuary :
ভাৰতৰ অধ্যক্ষতাত আৰম্ভ হোৱা জি 20 সন্মিলনৰ কেইবাখনো প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত হৈছে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত ৷
ADVERTISEMENT
এই বৈঠকত অংশগ্ৰহণ কৰা জি২০ ৰাষ্ট্ৰ সমূহৰ ৩১ জনীয়া প্ৰতিনিধি দল এটাই আজি পুৱাই উপস্থিত হয় পবিতৰা অভয়াৰণ্যত ।
পবিতৰা অভয়াৰণ্যত উপস্থিত হৈয়ে দলটোৱে অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰে ৷ এশিঙিয়া গড়,পৰিভ্ৰমী চৰাই আৰু বনৰীয়া ম’হ প্ৰত্যক্ষ কৰিবলৈ প্ৰতিনিধি দলটোৱে জীপ চাফাৰী কৰে ৷
উল্লেখ্য যে, বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি বৰ্গক মৰিগাঁও জিলা প্ৰশাসনৰ পৰা আদৰণি জনোৱাৰ লগতে স্বয়ং উপায়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিনিধি সকলক অভিনন্দন জনায় ।
প্ৰাপ্ত খৱৰ অনুসৰি প্ৰতিনিধি দলটো পবিতৰাত এৰাতি বাহৰ পাতিব ৷